ETV Bharat / state

CPIM protest in Guwahati: মূল্যবৃদ্ধি ৰোধ, খোৱা পানী যোগানৰ দাবীত চি পি আই এমৰ প্ৰতিবাদ - Basundhara Scheme

ৰাজ্যত বিজেপি চৰকাৰৰ ব্যৰ্থতা ৷ ৰাইজৰ বহুকেইটা সমস্যাৰ বিষয় উল্লেখ কৰি সমাধানৰ দাবীত শনিবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত চি পি আই এমে প্ৰতিবাদী কাৰ্যসূচীৰ লগত এক সভা অনুষ্ঠিত কৰে (CPIM protest in Guwahati)৷

CPIM protest against price hike and drinking water in Guwahati
মূল্যবৃদ্ধি ৰোধ, খোৱা পানী যোগানৰ দাবীত চি পি আই এমৰ প্ৰতিবাদ
author img

By

Published : Jan 7, 2023, 8:56 PM IST

মূল্যবৃদ্ধি ৰোধ, খোৱা পানী যোগানৰ দাবীত চি পি আই এমৰ প্ৰতিবাদ

গুৱাহাটী, 7 জানুৱাৰী: মূল্যবৃদ্ধি ৰোধ, খোৱা পানী যোগান, কর্মসংস্থাপন সৃষ্টি, মাটিৰ পট্টা, আঁচনিভুক্ত কৰ্মচাৰীসকলক ন্যূনতম মজুৰি, অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষা, নতুন পেঞ্চন আঁচনি বাতিল, পুৰণি পেঞ্চন আঁচনিৰ প্ৰৱৰ্তন, গণতন্ত্ৰ ৰক্ষাৰ লগতে বিভিন্ন সমস্যাৰ দাবীত শনিবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত চি পি আই এমে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (CPIM protest in Guwahati) ৷ লগতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷

এই কাযসূচীত অংশ লৈ চি পি আই এমৰ নেতা বীৰেণ শৰ্মাই (CPIM leader Biren Sharma) কয় যে বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নীতিৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজৰ জীৱন এশ এবুৰি সমস্যাবে জুৰুলা হৈছে (CPIM protest against price hike)৷ ঔষধকে ধৰি সৰ্ববিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে ৷ চৰকাৰে মূল্য নিয়ন্ত্ৰণৰ বাবে ন্যূনতম ব্যৱস্থাও লোৱা নাই ৷ বৃহৎ পুঁজিপতি আৰু ব্যৱসায়ী গোষ্ঠীক চৰকাৰে অবাধে জনসাধাৰণক লুটপাত কৰাৰ সুযোগ দিছে (CPIM protest against drinking water )। চৰকাৰে আৱকাৰী কৰ, জি এছ টি ইত্যাদি পৰোক্ষ কৰ ব্যাপক হাৰত বৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত মেটমৰা বোজা জাপি দিছে আৰু মূল্যবৃদ্ধিৰ জ্বলা জুইত ঘিউ ঢালিছে ৷ অবিৰাম মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰমজীৱী ৰাইজৰ আয় আৰু প্ৰকৃত মজুৰি নিতৌ সংকুচিত কৰিছে ৷

লগতে তেওঁ কয় যে ৰাজ্যত নিবনুৱা সমস্যাই অভূতপূর্ব ৰূপ লৈছে ৷ সমগ্ৰ দেশত এতিয়া নিবনুৱাৰ হাৰ হৈছে 8 শতাংশ আৰু আমাৰ ৰাজ্যখনত হৈছে 14 শতাংশ ৷ এয়া নজিৰবিহীন । 2016 চনত ৰাজ্যৰ বিজেপি চৰকাৰে ইয়াৰ ‘ভিজন ডকুমেন্ট'ত বছৰি 4 লাখ 60 হাজাৰ নতুন কর্মসংস্থাপন সৃষ্টিৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এতিয়া এইবোৰ প্ৰতিশ্ৰুতি ধোৱাচাঙত উঠিছে ৷ বর্তমান মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ ঢৌ তুলি মাত্ৰ 1 লাখ চাকৰি দিয়াৰ কথা কৈছে ৷ সেইটোও কি হয় সময়ে ক’ব ৷ এই চাকৰিবিলাকৰো এটি উল্লেখনীয় অংশ হৈছে ঠিকাভিত্তিক৷ অধিকাংশ স্কুলত এতিয়া ঠিকাভিত্তিক শিক্ষকৰ উপস্থিতি পৰিলক্ষিত কৰা হৈছে ৷

যোৱা চাৰিবছৰত ৰাজ্যখনত 20 হাজাৰৰো অধিক শিক্ষকৰ পদ বিলোপ কৰা হৈছে ৷ সম্প্ৰতি আৰু পদ নাইকিয়া কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷ যোৱা ছয় বছৰত 7,552 খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে ৷

লগতে নেতাগৰাকীয়ে কয় যে বৃহত্তৰ গুৱাহাটী মহানগৰীৰ বাসিন্দাসকল বিশুদ্ধ খোৱাপানীৰ অভাৱত (Drinking water crisis in Guwahati) মাৰাত্মকভাৱে জুৰুলা হৈছে ৷ নাগৰিকসকলক এই ন্যূনতম মৌলিক পৰিসেৱা আগবঢ়োৱাৰ সাংগঠনিক দায়িত্ব পালনৰ ক্ষেত্ৰতো চৰকাৰে চৰম ব্যৰ্থতাৰ পৰিচয় দিছে ৷ ২০০৯ চনত যি চাৰিটা অভিলাষী পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল সেইসমূহো 36 মাহৰ ভিতৰত সম্পন্ন কৰাৰ কথা আছিল ৷

কিন্তু আজি 13 বছৰ পাৰ হৈ যোৱাৰ পিছতো এইবোৰ আধৰুৱা হৈ আছে ৷ মহানগৰীৰ এক বিশাল অংশৰ ৰাইজে ব্যক্তিগত পানী যোগান সংস্থাৰ পৰা চৰাদামত পানী কিনিবলৈ বাধ্য হৈছে ৷ চৰকাৰ ব্যৰ্থ হোৱাৰ পিছতেই ৰাইজে নিজৰ ব্যৱস্থা নিজে কৰিবলগীয়া হৈছে ৷ বহুতে ভূগৰ্ভৰ পানী বোৰিং আদিৰে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে ৷ এতিয়া চৰকাৰে ইয়াৰ ওপৰতো জল কৰ আৰোপ কৰাৰ সিদ্ধান্ত লৈছে ৷

তেনেকৈ যোৱা এক এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুলো চৰকাৰে চৰাহাৰত বৃদ্ধি কৰিছে ৷ কোনো ধৰণৰ এনাৰ্জী অডিট আদি নকৰাকৈ অযুক্তিকভাৱে ৰাইজৰ কান্ধত অতিৰিক্ত বিদ্যুত মাচুল জাপি দিয়াটো কোনোপধ্যেই সমর্থনযোগ্য হ’ব নোৱাৰে ৷ আনহাতে ঘৰৰ হ'ল্ডিং নম্বৰ বিদ্যুত বিলৰ লগত সংযোগ কৰাৰ চৰকাৰৰ নিৰ্দেশনাই অগণন ৰাইজৰ চৰম হাৰাশাস্তিৰ সৃষ্টি কৰিছে ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা হ’ল্ডিং নম্বৰ সংযোগ নকৰিলে বিদ্যুত সংযোগ ছিন্ন কৰাৰ নিৰ্দেশ সম্পূৰ্ণৰূপে বেআইনী ৷

চৰকাৰে বসুন্ধৰা ২.০ যোগে (Basundhara Scheme) কেৱল খিলঞ্জীয়াক মাটি পট্টা দিয়াৰ যি ঘোষণা তাৰ ফলত অসংখ্য ভাৰতীয় নাগৰিকে মাটিৰ পট্টাৰ পৰা বঞ্চিত হ’ব ৷ আনকি অনলাইনত আবেদন কৰিবলৈ গৈ অগণন ‘খিলঞ্জীয়া’ পৰিয়ালেও চৰম হাৰাশাস্তিৰ চিকাৰ হ’বলগীয়া হৈছে ৷ ভূমি জৰীপ নোহোৱাৰ বাবে বহুত লোকৰ ওচৰত দাগ নম্বৰেই নাই ৷

বসুন্ধৰা ২.০ আঁচনিৰ অধীনত অংগনৱাড়ী কর্মী-সহায়িকা, আশা কৰ্মী ইত্যাদিৰ দৰে কেন্দ্ৰীয় আঁচনিভুক্ত কৰ্মচাৰীসকলক আজিলৈকে চৰকাৰে কৰ্মচাৰী হিচাপে স্বীকৃতি আৰু মজুৰি দিবলৈ অস্বীকাৰ কৰিছে ৷ নামমাত্ৰ মাননিৰে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে এনে কাম কৰি আছে ৷ ক’ভিড অতিমাৰীৰ সময়ত তেওঁলোকে যি সেৱা আগবঢ়াইছে সেয়া অতুলনীয় ৷ তেনেকৈ নিৰ্মাণ শ্ৰমিককে ধৰি অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ প্ৰয়োজনীয় সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈও চৰকাৰে অস্বীকাৰ কৰিছে ৷

ইয়াৰোপৰি চি পি আই এমৰ নেতা তপন শৰ্মাই কয় যে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানবোৰৰ এক বৃহৎ সংখ্যক শ্ৰমিক-কৰ্মচাৰীৰ সামাজিক সুৰক্ষা নতুন বা জাতীয় পেঞ্চন আঁচনি (এন পি এছ)ৰ যোগেদি বিপন্ন কৰি তোলা হৈছে ৷ পেঞ্চলনৰ বাবদ এই বিশাৰ অংশৰ শ্ৰমিক-কৰ্মচাৰীৰ দৰমহাৰ পৰা মাহিলী বুজন পৰিমাণৰ ধন কৰ্তন কৰা হয় ৷ কিন্তু তেওঁলোকৰ পেঞ্চন অনিশ্চিত অথবা যৎসামান্য ৷ শ্ৰমিক-কৰ্মচাৰীৰ পৰা কৰ্তন কৰা ধন ফাণ্ড মেনেজাৰ কোম্পানীবিলাকব (যাৰ বেছিভাগেই ব্যক্তিগত খণ্ডৰ) যোগেদি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

এয়া পেঞ্চনৰ বেচৰকাৰীকৰণেই নহয়, শ্ৰমিক-কৰ্মচাৰীসকলৰ সঞ্চয়ৰ ধনেৰে শ্বেয়াৰ বজাৰৰ মাধ্যমেদি দেশী-বিদেশী বৃহৎ পুঁজিপতি গোষ্ঠীবিলাকৰ পুঁজি বৃদ্ধিৰ আঁচনিয়েই হৈছে নতুন পেঞ্চন আঁচনি ৷ সেয়েহে এই আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি (নিৰ্দ্ধাৰিত হাৰত নিশ্চিত পেঞ্চন) প্ৰৱৰ্তন কৰাৰ দাবী ব্যাপক হৈ উঠিছে ৷ ৰাজস্থান, ছত্তিশগড়, পাঞ্জাব, ঝাৰখণ্ড আদিৰ দৰে ৰাজ্য চৰকাৰবোৰে এন পি এছৰ সলনি পুৰণি পেঞ্চন আঁচনিলৈ ঘূৰি গৈছে ৷ কিন্তু অসমৰ বিজেপি চৰকাৰে পুৰণি আঁচনি প্ৰৱৰ্তন কৰিবলৈ অস্বীকাৰ কৰিছে ৷

বিজেপি নেতৃত্বাধীন চৰকাৰৰ এনে জনবিৰোধী নীতিৰ ফলত গণ অসন্তোষ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে (CPIM slams bjp) ৷ জনগণ প্ৰতিবাদত সৰৱ হৈ উঠিছে৷ প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চৰকাৰে লৈছে একনায়কত্ববাদৰ বাট ৷

আনহাতে জনগণৰ সংগ্ৰামী ঐক্যক থানবান কৰিবলৈ আৰু জীৱন জীৱিকাৰ মৌলিক বিষয়বোৰৰ ক্ষেত্ৰত চৰকাৰৰ চৰম ব্যৰ্থতাৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই লৈ যাবলৈ বৰ্তমান চৰকাৰ আৰু শাসক দলে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ আশ্ৰয় লৈছে ৷ সাম্প্ৰদায়িক মেৰুকৰণক তীব্ৰ কৰি তুলিছে ৷ এনেকুৱা পৰিস্থিতিত চৰকাৰৰ জনবিৰোধী নীতিবিলাকৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন-সংগ্ৰাম তীব্ৰ কৰাৰ কোনো বিকল্প নাই ৷ এতিয়া ৰাইজ ৰাজপথলৈ ওলাই আহিব লাগিব ৷

লগতে পঢ়ক: 9th Annual Meeting of UBPO : ইউবিপিঅৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশনৰ আজি অন্তিম দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.