ETV Bharat / state

গুৱাহাটীৰ ৫৫২ টা পৰিয়ালক খাদ্যসামগ্ৰী যোগান চি পি আই (এম)ৰ - প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰে দলটোৱে

বিগত এসপ্তাহ ধৰি ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে গুৱাহাটীৰ বিভিন্ন ঠাইৰ ৫৫২ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে । সোমবাৰে প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰে দলটোৱে ।

চি পি আই
গুৱাহাটীৰ ৫৫২ টা পৰিয়ালক খাদ্যসামগ্ৰী যোগান চি পি আই (এম)ৰ
author img

By

Published : Apr 13, 2020, 10:17 PM IST

গুৱাহাটী, ১৩ এপ্ৰিলঃ লকডাউনৰ ফলত ঘৰতে আৱদ্ধ হৈ খাদ্যৰ সংকটত ভোগা পৰিয়ালসমূহলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে । দলটোৰ কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটীৰ তৰফৰ পৰা গুৱাহাটীৰ বিভিন্ন ঠাইত বিগত এসপ্তাহত ৫৫২ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে ।

চি পি আই
গুৱাহাটীৰ ৫৫২ টা পৰিয়ালক খাদ্যসামগ্ৰী যোগান চি পি আই (এম)ৰ

এক প্ৰেছ বিজ্ঞপ্তিত দলটোৱে জনাই যে, গুৱাহাটীৰ অনুৰাধা-ভাস্কৰনগৰ অঞ্চলৰ ২২৯ টা, পানীখাইটি অঞ্চলৰ ৬৭ টা, শান্তিপুৰ অঞ্চলৰ ৩০ টা, বীৰকুছি অঞ্চলৰ ৩২ টা, বীৰুবাৰীৰ ৬৫ টা আৰু নাৰেংগীৰ বাবুবস্তি অঞ্চলৰ ৩৯ টা, ধীৰেনপাৰা অঞ্চলৰ ৪০ টা, দতাল পাৰা অঞ্চলত ৪০ ঘৰ, কামাখ্যাগেট নিলাচলপুৰত ৩০ ঘৰ, নুনমাটি বাপুজি নগৰত ১২৫ ঘৰ আৰু লগতে দক্ষিণ শান্তিনগৰ আৰু পাথৰকুঁৱৰী অঞ্চলত পাৰ্টীৰ উদ্যোগত আৰু কিছু দায়িত্বশীল ব্যক্তিৰ দ্বাৰা গঢ়ি উঠা Community Resilience Drive - Support During Pandemic নামৰ অনুষ্ঠানটোৰ সহযোগত ৫০ টা পৰিয়ালক খাদ্যসামগ্ৰী প্ৰদান কৰা হয় ।

উল্লেখ‍্য যে, কোনো সদাশয় ব্যক্তিয়ে দান-বৰঙণিৰে সহায় কৰিব বিচাৰিলে তলৰ একাউন্টত পঠাব পাৰিব অথবা উক্ত ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও মন্তব্য কৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে । Pratul BarmanBandhan BankSIlpukhuri BranchAC No. 50190021337602IFS code : BDBL0001853CIF 190002275662Phone- 9401703801

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.