ETV Bharat / state

ৰাজ্যত উপলব্ধ হ’ল 18-44 বছৰৰ লোকৰ বাবে কৰ’ণা ভেকচিন - কোভেক্সিন

বুধবাৰে 18-44 বছৰৰ লোকৰ বাবে কৰ’ণা ভেকচিন মুকলি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এই প্ৰক্ৰিয়া আগন্তুক 7 মে’ৰ পৰা পূৰ্ণ গতিত চলিব বুলি সদৰি কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

covid-vaccine
কৰ’ণা ভেকচিন
author img

By

Published : May 5, 2021, 1:27 PM IST

নিউজ ডেস্ক, 5 মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পোৱা কৰ’ণা সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ 18 বছৰ বয়সৰ পৰা 45 বছৰৰ উৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়া কৰ’ণা ভেকচিনৰ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

covid-vaccine
কৰ’ণা ভেকচিন

মঙলবাৰৰ দিনটোলৈ ৰাজ্যত 45 বছৰৰ উৰ্ধৰ লোকসকলৰ বাবেহে ভেকচিন উপলব্ধ আছিল যদিও বুধবাৰৰ পৰা 18-44 বছৰৰ সকলো লোকে ল’ব পাৰিব কৰ’ণা প্ৰতিষেধক ৷

টুইটযোগে এই কথা ঘোষণা কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা অনুসৰণ কৰি গুৱাহাটী প্ৰেছ ক্লাৱত ভেকচিন মুকলি কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

ইয়াৰোপৰি, মঙলবাৰে ৰাজ্যৰ সাংবাদিকসকলক ক’ভিড যোদ্ধা হিচাপে স্বীকৃতি দিয়াৰ পাচতে তেওঁ কয় যে, এই ভেকচিনে সাংবাদিক আৰু তেওঁৰ পৰিয়ালকো সহায় আগবঢ়াব ৷

উদ্বোধনৰ সময়ত বিশেষ প্ৰয়োজনীয়তা থকা যুৱক-যুৱতীসকলক কোভেক্সিন প্ৰদান কৰা হয় ৷ এই প্ৰক্ৰিয়া আগন্তুক 7 মে’ৰ পৰা পূৰ্ণ গতিত চলিব বুলি জানিবলৈ দিয়ে ড৹ শৰ্মাই ৷

লগতে পঢ়ক : ধুবুৰীত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৬৩৬ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.