ETV Bharat / state

গুৱাহাটীকে ধৰি কেইবাখনো জিলাত অনিয়ন্ত্রিত ক'ভিড পৰিস্থিতি

author img

By

Published : Sep 29, 2021, 10:15 PM IST

ক'ভিডৰ পৰা অসম এতিয়াও বিপদমুক্ত হোৱা নাই । বিগত দহ দিনত গুৱাহাটীত ১০৫৫ জন লোক নতুকৈ কৰ’নাত আক্ৰান্ত হৈছে । গুৱাহাটী মহানগৰীৰ পাছতেই যোৰহাট, গোলাঘাট, লখিমপুৰ, কামৰূপ, শোণিতপুৰ, দৰং, বৰপেটা, শিৱসাগৰ আৰু নগাঁও জিলাত বৃদ্ধি পাইছে সংক্ৰমণ ।

covid updates of several districts including Guwahati
গুৱাহাটীকে ধৰি কেইবাখনো জিলাত অনিয়ন্ত্রিত ক'ভিড পৰিস্থিতি

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : অক্টোবৰৰ পৰা ক'ভিডৰ ক্ষেত্রত থকা সকলো কঠোৰতা শিথিল কৰাৰ ইংগিত দিছে ৰাজ্য চৰকাৰে । আনকি অক্টোবৰ মাহতে সকলো শিক্ষানুষ্ঠান খোলাৰো নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । উপ-নিৰ্বাচন আৰু উৎসৱৰ পূৰ্বে ৰাজ্যত ক'ভিড পৰিস্থিতি উন্নত হোৱা বুলি চৰকাৰে দাবী কৰিছে যদিও গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায় ১০ খন জিলাৰ ক'ভিড পৰিস্থিতি এতিয়াও অনিয়ন্ত্রিত হৈ আছে ।

গুৱাহাটী মহানগৰীত বিগত কেইদিনত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ক'ৰণা ৰোগীৰ সংখ্যা । বিগত দহ দিনত অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ গুৱাহাটীত ১০৫৫ জন লোক নতুকৈ ক'ভিডত আক্ৰান্ত হৈছে । গুৱাহাটী মহানগৰীৰ পাছতেই ক্ৰমে যোৰহাট, গোলাঘাট, লখিমপুৰ, কামৰূপ, শোণিতপুৰ, দৰং, বৰপেটা, শিৱসাগৰ আৰু নগাঁও জিলাত ক্ৰমাৎ উৰ্ধমুখী হৈছে কৰ’না আক্ৰান্তৰ সংখ্যা ।

লগতে পঢ়ক : কেৰালাৰ পাৰ্শীৰাজাৰ ব্ৰিটিছ সাম্ৰাজ্যবিৰোধী সংগ্ৰামৰ কাহিনী

বিগত দহ দিনত যোৰহাটত ৩২৬ জন লোক, গোলাঘাটত ৩১৮ জন লোক, লখিমপুৰত ২৪৬ জন লোক, বৰপেটা জিলাত ১৮৪ জন লোক, কামৰূপ জিলাত ১৮০ জন লোক, শোণিতপুৰত ১৭৪ জন লোক, শিৱসাগৰ জিলাত ১৫২ জন লোক, দৰং জিলাত ১৫১ জন লোক আৰু নগাঁও জিলাত ১২৮ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ।

উল্লেখ যে, বিগত ২৪ ঘণ্টাত গুৱাহাটীত ১১৫ জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ৰাজ্যৰ জিলাসমূহৰ ভিতৰত দক্ষিণ শালমাৰা আৰু হাইলকান্দি জিলাত বিগত ১০ দিনত সৰ্বনিম্ন ক'ভিডৰ নতুন সংক্ৰমণ হৈছে । হাইলাকান্দিত ৪ জন ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে দক্ষিণ শালমাৰাত এজন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ।

লক্ষণীয় যে, দেশত প্ৰতিদিনে ২৮-৩০ হাজাৰ ক'ভিড ৰোগী নতুনকৈ চিনাক্ত হৈছে । ক'ভিডৰ তৃতীয় ঢৌৰ প্ৰতি সাৱধান হ’বলৈ কেন্দ্ৰীয় চৰকাৰে সতৰ্কতামূলক জাননী জাৰি কৰিছে । ক'ভিডয়ে সকলোতকৈ ভয়াৱহ ৰূপ লোৱা কেৰালাত দৈনিক হাজাৰ হাজাৰ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে বহু লোকৰ মৃত্যু ঘটিছে ।

লগতে পঢ়ক : বিজ্ঞানী বিনয় কুমাৰ শইকীয়াক যোৰহাট প্ৰেছ ক্লাৱত ৰাজহুৱা সম্বৰ্ধনা

কেৰালাৰ চুবুৰীয়া ৰাজ্য কৰ্ণাটকতো ক'ভিডয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মহাৰাষ্ট্ৰ আৰু দিল্লীতো নতুনকৈ ক’ভিডে মূৰ তুলি উঠিছে । দেশৰ বিভিন্ন ৰাজ্যত ক্ৰমাৎ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত ৩৯০ জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১০ জন লোকৰ । এই সময়চোৱাত আক্ৰান্তৰ হাৰ ০.৬৯ শতাংশ । বৰ্তমান সময়ত ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৩২৮৮ জন । আনহাতে এতিয়ালৈকে ৰাজ্যৰ ২.৩৮ কোটি লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে ।

ৰাজ্যৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সকলো বিদ্যালয় খোলাৰ ব্যৱস্থা কৰিছে । ইতিমধ্যে শিক্ষা বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে । কিন্তু ইয়াৰ মাজতে আহিছে বেয়া খবৰ । তেজপুৰ বিশ্ববিদ্যালয়ৰ সাত গৰাকী ছাত্ৰৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ।

লগতে পঢ়ক : অখিল গগৈক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

চৰকাৰী নিৰ্দেশনাৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ লগতে হোষ্টেলসমূহো খোলা হৈছিল । ইয়াৰ পাছতেই পাঠদানৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ সহযোগত বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা এক ক'ভিড পৰীক্ষা কেম্পত ১০৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ক'ভিড পৰীক্ষা কৰা হয় । এইসকলৰ মাজৰ সাত গৰাকীৰ দেহতেই ধৰা পৰে ক'ভিডৰ উপস্থিতি ।

ক'ভিড সংক্ৰমণ ধৰাৰ পৰাৰ পাছতেই ক'ভিড পজিটিভ শিক্ষাৰ্থীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তেনে পৰিস্থিতিত ক'ভিড ভেকচিন লাভ নকৰা ১৮ বছৰৰ তলৰ শিক্ষাৰ্থীসকলক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল । শাৰদীয় দুৰ্গোৎসৱত মানুহৰ সমাগম বৃদ্ধিৰ পোৱাৰ পৰিপ্ৰেক্ষিতত ক'ভিডৰ অধিক সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক : ইউৰোপৰ আৰ্হিত তেজপুৰত নিৰ্মাণ হ'ব 45 ফুট উচ্চতাৰ ক্লক টাৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.