ETV Bharat / state

ক'ভিডৰ লগতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক

author img

By

Published : May 8, 2021, 7:28 PM IST

প্ৰতিদিনে বাঢ়িছে নিত্য প্ৰয়োজনীয় অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য। মিঠাতেল প্ৰতি লিটাৰত ১৮০-১৯০টকা, ৰিফাইন তেল ২০০-২২০টকা, মুগৰ দাইল প্ৰতি কিলোত ১১৫-১২০টকা, মচুৰ দাইল ৯৫-১০০টকা। কুম্ভকৰ্ণৰ নিদ্ৰাত অসামৰিক যোগান বিভাগ আৰু বিভাগীয় মন্ত্রী ।

ক'ভিডৰ ভয়াৱহতাৰ মাজতে বজাৰত জুই
ক'ভিডৰ ভয়াৱহতাৰ মাজতে বজাৰত জুই

গুৱাহাটী, ৮ মে : কৰ'ণাই ৰাজ্যজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । নিৰ্বাচনৰ পাছৰে পৰাই অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছিল যদিও শেহতীয়াকৈ কৰ'ণাকেন্দ্ৰিক ভয়াৱহ পৰিস্থিতিৰ মাজত হোৱা মূল্যবৃদ্ধিয়ে জনগণক বেয়াকৈ জুৰুলা কৰিছে । মিনি লকডাউনৰ বাবে বহু লোকে নিজৰ জীৱন-জীৱিকাৰ বাবে কঠোৰ সংগ্ৰামত অবতীৰ্ণ হ'বলগীয়া হৈছে । দুবেলা দুমুঠিৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা মানুহখিনিৰ বাবে অত্যৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সংকটত পেলাইছে ।

কিন্তু এইখিনি সময়ত ৰাজ্যৰ বিয়াগোম খাদ্য আৰু অসামৰিক যোগান বিভাগ আছে কুম্ভকৰ্ণৰ নিদ্ৰাত । ইফালে বিভাগীয় মন্ত্রীগৰাকীও অস্তিত্বহীন হৈ আছে । এনে পৰিস্থিতিৰ সুযোগ লৈ লুণ্ঠনকাৰী বণিয়াৰ এটা চক্ৰই মুকলি মনেৰে চাউল, দাইল, চেনী, মিঠাতেলকে আদি কৰি অত্যৱশ্যকীয় সকলো খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি গৈছে ।

ক'ভিডৰ ভয়াৱহতাৰ মাজতে বজাৰত জুই
ক'ভিডৰ ভয়াৱহতাৰ মাজতে বজাৰত জুই

উল্লেখ যে, ক'ভিড পৰিস্থিতি জটিল হৈ পৰাৰ সমান্তৰালভাৱে পাইকাৰী বজাৰত প্ৰতিবিধ সামগ্ৰীৰ মূল্য প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে । পাইকাৰী বজাৰত এসপ্তাহ পূৰ্বে প্ৰতিকিলো বুট ৫৪ টকাত বিক্ৰী হৈছিল যদিও এতিয়া বৃদ্ধি হৈ ৬৭ টকা হ'ল । সেইদৰে কাবুলি বুটৰ মূল্য ৭৬ টকাৰ পৰা ৮৮টকালৈ বৃদ্ধি পালে । পাইকাৰী বজাৰত মুগ দাইলৰ মূল্য ১০৩ টকাৰ পৰা ১১০ টকালৈ বৃদ্ধি পালে আৰু ফলত খুচুৰা বজাৰত মূল্য ১২০ টকালৈ বৃদ্ধি হ'ল । সেইদৰে মচুৰ দাইলৰ মূল্য পাইকাৰী বজাৰত ৭২ টকাৰ পৰা ৮৫ টকালৈ বৃদ্ধি পালে । খুচুৰা বজাৰত মচুৰ দাইলৰ মূল্য হ'ল ৯৫-১০০ টকা ।

এইখিনিতে উল্লেখ কৰা ভাল যে সবাতকৈ মূল্য বৃদ্ধি হৈছে মিঠাতেল আৰু ৰিফাইন তেলৰ । মিঠাতেলৰ দামক লৈ সকলো গ্ৰাহকেই চকুৰে সৰিয়হ ফুল দেখিবলগীয়া হৈছে । পাইকাৰী বজাৰত মিঠাতেল প্ৰতিলিটাৰত মূল্য বৃদ্ধি হৈ ১৬০-১৭০ টকা হৈছেগৈ । খুচুৰা বজাৰত মূল্য হৈছেগৈ ১৮০-১৯০ টকা । সেইদৰে ৰিফাইন তেলৰ মূল্য হৈছে ২০০-২২০ টকা । চাউলৰ মূল্যও ক্ৰমাৎ ঊৰ্ধগামী হৈছে । আনহাতে আলু-পিয়াজৰ মূল্যও বৃদ্ধি হৈছে ।

ক'ভিডৰ ভয়াৱহতাৰ মাজতে বজাৰত জুই

কিছুদিন পূৰ্বে প্ৰতিকিলোত ১৫ টকা থকা আলু এতিয়া ২০-২৫ টকা হৈছে । সেইদৰে পিঁয়াজৰ মূল্যও বৃদ্ধি হৈ ৩৫-৪০ টকা হৈছেগৈ । প্ৰতিবিধ খাদ্য সামগ্ৰীৰে অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে । উল্লেখ যে, চৰকাৰ-প্ৰশাসনে এইক্ষেত্রত শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে লকডাউন দিব লগা পৰিস্থিতি হ'লে মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতাৰ জীয়াই থকাই কঠিন হৈ পৰিব সেয়া প্ৰায় নিশ্চিত ।

লগতে পঢ়কঃ ক’ভিডৰ ভয়ংকৰ সংক্ৰমণক ৰোধ কৰাৰ ৰণকৌশল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.