ETV Bharat / state

Covid Infection : ৰাষ্ট্ৰীয় সংক্ৰমণ হাৰৰ তুলনাত বেছি অসমৰ দৈনিক সংক্ৰমণ

author img

By

Published : Jul 2, 2022, 6:53 PM IST

অসমত কোভিড সংক্ৰমণৰ হাৰে চেৰ পেলালে ৰাষ্ট্ৰীয় হাৰক (Covid infection rate of Assam higher than national level) । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত সংক্ৰমণৰ হাৰ বৃদ্ধি পাই হ’ল ৭.৭৯ শতাংশ হৈছে । ৰাষ্ট্ৰীয় হাৰ ৪ শতাংশ । বিগত দহ দিনত অসমত কোভিডত আক্ৰান্ত হৈছে ৫২৮জন লোক । বানাক্রান্ত লোকসকলৰ আশ্রয় শিবিৰসমূহত কোভিডৰ সংক্ৰমণ আৰম্ভ হ’লে পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনা ।

covid
covid

গুৱাহাটী, ২ জুলাই: প্ৰলয়ংকৰী বানে ত্রাসৰ সৃষ্টি কৰা ৰাজ্যখনত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে কোভিডৰ সংক্রমণ (Covid infection swells regularly in Assam) । আনকি অসমত কোভিডৰ সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈও অধিক হৈ পৰিছে (Covid infection rate of Assam higher than national level) । ৰাজ্যখনত কোভিডৰ দ্ৰুত সংক্রমণক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ । উল্লেখ্য যে বিগত ২৪ ঘণ্টাত কোভিডৰ সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আছিল ৪ শতাংশ ।

ৰাষ্ট্ৰীয় সংক্ৰমণ হাৰৰ তুলনাত বেছি অসমৰ দৈনিক সংক্ৰমণ

ইয়াৰ বিপৰীতে অসমত বিগত ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ হৈছে ৭.৮৯ শতাংশ । অর্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাৰতকৈ অসমত সংক্ৰমণৰ হাৰ প্ৰায় দুগুণ । আনহাতে, বৃহস্পতিবাৰে অসমত সংক্ৰমণৰ হাৰ আছিল ৭.৭৯ শতাংশ । অৰ্থাৎ কোভিড আক্ৰান্তৰ হাৰ দৈনিক বৃদ্ধি পাব ধৰিছে । ৰাজ্যৰ স্বাস্থ্য বিভাগে প্রকাশ কৰা অনুসৰি (According to State Health Department) যোৱা এটা সপ্তাহৰ ভিতৰতে ৰাজ্যখনত কোভিডৰ সংক্ৰমণৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । বিশেষকৈ কামৰূপ মহানগৰ জিলাত কোভিডত আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ।

তথ্য অনুসৰি, শুকুৰবাৰৰ দিনটোতে ৰাজ্যখনত কোভিডত নতুনকৈ আক্ৰান্ত হৈছে ৭৮ জন লোক । আনহাতে, বিগত দহ দিনতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ৫২৮জন হৈছে । মন কৰিবলগীয়া কথা যে ৰাজ্যখনত কোভিডৰ যিমানেই বেছি পৰীক্ষা কৰা হ’ব সিমানেই নতুনকৈ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাব । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে অচিৰেই বিশেষ কোভিড পৰীক্ষা কাৰ্যসূচী (Covid testing programme) আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰিছে ।

বর্তমান বানৰ বাবে চিকিৎসক আৰু স্বাস্থ্য বিষয়াসকল বানপীড়িত অঞ্চলসমূহত ব্যস্ত হৈ থকাৰ (Flood affected aras of Assam) পৰিপ্ৰেক্ষিতত কোভিডৰ সংক্রমণক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । বিশেষকৈ বানাক্রান্ত লোকসকলৰ আশ্রয় শিবিৰসমূহত কোভিডৰ সংক্ৰমণ আৰম্ভ হ’লে পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে (Union Ministry of Health) ৰাজ্যখনত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাক লৈ সকলোকে সতৰ্ক হৈ থকাৰ বাবে প্ৰচাৰ চলাবলৈ পৰামৰ্শ দিছে ।

উল্লেখ্য যে ৰাজ্য চৰকাৰখনে কোভিড প্ৰতিৰোধৰ বাবে টীকা দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে যদিও এতিয়াও প্রথম পালি টীকা লোৱা সকলো লোকে দ্বিতীয় পালি গ্ৰহণ কৰা নাই । আনহাতে বুষ্টাৰ ড’জ লোৱা (Booster Dose of Covid Vaccine) লোকৰ সংখ্যাও একেবাৰে নগণ্য । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য মতেই এতিয়ালৈকে ৰাজ্যখনত মুঠ ২,৪৫,৬৭,৪৯৭ জনে প্রথম পালি টীকা লোৱাৰ বিপৰীতে দ্বিতীয় পালি টীকা লোৱা লোকৰ সংখ্যা হৈছে ২,১৩,৮৩,৯৬৭জন । আনহাতে, বুষ্টাৰ ড’জ লৈছে মাত্র ৬,৯২,১৯৭জন লোকেহে । এনে পৰিস্থিতিত কোভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাটো ৰাজ্যখনৰ বাবে অত্যন্ত উদ্বেগজনক কথা হৈ পৰিছে ।

লগতে পঢ়ক :Assam Flood : চলিত বৰ্ষৰ দুটা বানত ৰাজ্যৰ 11 খন জিলাত সৰ্বাধিক ক্ষতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.