নিউজ ডেস্ক, 3 জুনঃ দেশজুৰি অব্যাহত আছে কোভিড-19ৰ সংহাৰী ৰূপৰ ৷ বুধবাৰৰ দিনটোত অসমত চিনাক্ত কৰা হ’ল কোভিড-19ত আক্ৰান্ত 195 জন নতুন ৰোগী ৷ সৰ্বাধিক 30 গৰাকী কোভিড আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হয় ডিমা হাছাও জিলাত ৷
ইয়াৰ লগে লগে ৰাজ্যত 1756 গৰাকীলৈ বৃদ্ধি পালে কৰ’ণা ভাইৰাছৰ দ্বাৰা মুঠ আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰে বুধবাৰে নিশালৈকে আৰোগ্য লাভ কৰিছে 413 গৰাকী ব্যক্তিয়ে ৷ বুধবাৰৰ দিনটোত মুঠ 76 গৰাকী ব্যক্তিক চিকিৎসকে নিজ গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷ আনহাতে বৰ্তমানেও আক্ৰান্ত হৈ আছে 1336 গৰাকী ব্যক্তি ৷ ৰাজ্যত নতুনকৈ কোনো ব্যক্তি কোভিড 19 ত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰা নাই ৷
লগতে পঢ়কঃ আৰক্ষীৰ প্ৰহাৰঃ মৃত্যুৰে যুঁজিছে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে