নলবাৰী,21 মাৰ্চঃ কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ উদ্দেশ্যেৰে নলবাৰী আৰু তিনিচুকীয়া জিলাত জিলা প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা ৷ সেই অনুসৰি,জিলাখনত ৫জনতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰাৰ লগতে কিশোৰ আৰু বৃদ্ধসকলক ঘৰৰ পৰা বাহিৰ নহ’বলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে ।
ৰাজ্যজুৰি কৰ'ণাৰ আতংকঃপ্ৰান্তে প্ৰান্তে সজাগতা চৰকাৰ, প্ৰশাসন তথা ব্যক্তিবিশেষৰ - তেজপুৰত সজাগতা বৃদ্ধিৰ আহ্বান এমট্ৰ’নৰ উপাধ্যক্ষৰ

15:25 March 21
বিভিন্ন জিলাত 144 ধাৰা জাৰি

15:07 March 21
মৰিগাঁৱত জিলা মিডিয়া ক্লাৱৰ ব্যতিক্ৰমী পদক্ষেপ

মৰিগাঁও,21 মাৰ্চঃ মৰিগাঁৱত জিলা মিডিয়া ক্লাৱৰ উদ্যোগত কৰ’ণা ভাইৰাছ সম্পৰ্কত সজাগতা সৃষ্টিৰ চেষ্টা । কাৰ্যসূচীৰ অংশ ৰূপে শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ জিলাখনৰ বিভিন্ন প্ৰান্তত মাইকযোগে সাৱধানবাণী প্ৰচাৰ কৰি সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয় ।
14:54 March 21
তেজপুৰত সজাগতা বৃদ্ধিৰ আহ্বান এমট্ৰ’নৰ উপাধ্যক্ষৰ
তেজপুৰ,২১ মাৰ্চঃ অসম চৰকাৰে প্ৰৱৰ্তন কৰা নিৰ্দেশনা আৰু প্ৰধানমন্ত্ৰীৰ কৰ’ণা ভাইৰাছ সম্পৰ্কত দেশবাসীলৈ জনোৱা আহ্বানৰ পিছত অসম চৰকাৰৰ এমট্ৰ’নৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই অসমৰ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনাইছে ।
14:17 March 21
মহানগৰীত ডনবস্ক’ প্ৰতিষ্ঠানৰ চেনিটাইজাৰ বিতৰণ
গুৱাহাটী,21 মাৰ্চঃ মহানগৰীত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ ডনবস্ক’ প্ৰতিষ্ঠানৰ ৷ দীঘলীয়া শাৰী পাতি বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ ল’লে মহানগৰীৰ শতাধিক লোকে । ৰাজীৱ ভৱনৰ সন্মুখত প্রতিষ্ঠানটোৱে ৰাইজৰ মাজত বিতৰণ কৰে সামগ্ৰীসমূহ ৷ লগতে পৰিস্কাৰ হৈ থাকিবলৈ আহ্বান জনায় ৰাইজক ৷
12:41 March 21
গোলাঘাটত বাতিল ভাওনা অনুষ্ঠান
গোলাঘাট,21 মাৰ্চঃ গোলাঘাটতো প্ৰধানমন্ত্ৰীৰ জনতা কাৰ্ফিউৰ প্ৰতি সন্মান জনাই ফলঙনী অখণ্ড ভাগৱত পাঠ সমিতিয়ে বন্ধ কৰিলে অখণ্ড ভাগৱত পাঠৰ অন্তিম দিনা অনুষ্ঠিত হ’বলগীয়া ভাওনা অনুষ্ঠান । মুৰফুলনী অঞ্চলৰ লিকচনীয়া গাঁৱৰ নামঘৰত চলি আছিল অখণ্ড ভাগৱত পাঠ অনুষ্ঠান ৷
12:01 March 21
কলিয়াবৰত মাস্ক প্ৰস্তুত মহিলাৰ

কলিয়াবৰ,21 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সাম্ভাব্য সকলো পদক্ষেপ গ্ৰহণ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে । মহকুমাটোৰ উলুৱনী অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হৈছে দহখন বিচনাযুক্ত আইচলেচন ৱাৰ্ড ৷ ইফালে,জখলাবন্ধাৰ গাঙ্গাৱতী দেৱী নামৰ মহিলাগৰাকীয়ে বজাৰৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি চিলাই উলিয়াইছে মাস্ক ।
11:57 March 21
কৰ’ণাৰ বিৰুদ্ধে সজাগতা যোৰহাটৰ চাহ বিক্ৰেতাৰ
যোৰহাট,21 মাৰ্চঃ যোৰহাটৰ পদপথৰ এগৰাকী চাহ বিক্ৰেতাৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ ৷ অনিল দাস নামৰ ক্ষুদ্ৰ চাহ বিক্ৰেতা গৰাকীয়ে গ্ৰাহকৰ বাবে উপলব্ধ কৰিছে হাত ধোৱাৰ ব্যৱস্থা । লগতে পথচাৰীৰ মাজত বিতৰণ কৰিছে কৰ’ণা সম্পৰ্কীয় প্ৰচাৰ পত্ৰিকা ।
10:36 March 21
ধনশিৰি মহকুমা প্ৰশাসনৰ বিশেষ অভিযান
সৰুপথাৰ,21 মাৰ্চঃ গোলাঘাটৰ ধনশিৰি মহকুমা প্ৰশাসনে হোটেল,ৰেষ্টুৰেণ্টসমূহৰ চাফ-চিকুণতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷ মহকুমা দণ্ডাধীশ প্ৰাণজিৎ কুমাৰ দেৱে খাদ্য পৰিদৰ্শক আৰু আৰক্ষীৰ এটা দলৰ সৈতে সৰুপথাৰ,বৰপথাৰ অঞ্চলত থকা হোটেল-ৰেষ্টুৰেণ্টসমূহত অভিযান চলাই পৰিস্কাৰৰ প্ৰতি গুৰুত্ব আৰোপ কৰে ৷ তদুপৰি সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা মানি চলাত গুৰুত্ব আৰোপ কৰে ধনশিৰি মহকুমা প্ৰশাসনে ৷
09:49 March 21
ডিফুত সন্দেহজনক কৰ’ণা ভাইৰাছৰ উপস্থিতি !

ডিফু,21 মাৰ্চঃ কাৰ্বি পাহাৰত অব্যাহত কৰ’ণা আতংক । ডিফুত এজন ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতিৰ সন্দেহ । লোকজনৰ ঘৰ ডিফুৰ মাটপুং ৰংছ'পীত । সন্তানৰ চিকিৎসাৰ বাবে পত্নীৰ সৈতে এলাহাবাদত ব্যক্তিজন দুমাহৰ পিছত ঘৰলৈ আহি চৰ্দি,কাহ,জ্বৰত আক্ৰান্ত হয় ৷ খবৰ পোৱা মাত্ৰকে ব্যক্তিজনৰ ঘৰত উপস্থিত হয় আৰক্ষীৰ সৈতে এটি চিকিৎসকৰ দল । পৰিয়ালটিক ১৪ দিন ঘৰতে থকাৰ নিৰ্দেশ দিয়ে দলটোৱে । গৃহবন্দী পৰিয়ালটোৰ চোৱা-চিতাৰ দায়িত্ব দিয়া গাঁৱবাসীক মাস্ক প্ৰদানত ব্যৰ্থ হয় স্বাস্থ্য বিভাগ ।
09:31 March 21
গোলাঘাটত ঢোল বাদনেৰে কৰ’ণা ভাইৰাছৰ সজাগতা
গোলাঘাট,21 মাৰ্চঃ বিশ্বত্ৰাস কৰ’ণা ভাইৰাছে যাতে ৰঙালী বিহুটিক ম্লান কৰিব নোৱাৰে তাৰবাবে সজাগতা আহ্বান গোলাঘাটৰ এজন ঢোলৰ ওজাৰ । ঢোল বাদনেৰে কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে ওজা জয়ন্ত কোঁৱৰৰ এই পদক্ষেপ গ্ৰহণ ৷ দুগৰাকী সহঃ শিল্পীৰ সৈতে কোঁৱৰে চলায় এই সজাগতা । লগতে ২২মাৰ্চৰ দিনটোত সকলোকে ঘৰৰ ভিতৰত আবদ্ধ থাকিবলৈ আহ্বান জনায় শিল্পীজনে ।
09:03 March 21
বিলাসীপাৰাত কৰ’ণা ভাইৰাছৰ আতংক

বিলাসীপাৰা,21 মাৰ্চঃ বিলাসীপাৰাৰ ঘোগা বালাপাৰা গাঁৱত একেটা পৰিয়ালৰ চাৰিজন লোক কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ ৷ আক্ৰান্তৰ পৰিয়ালৰ এজন সদস্য কেৰেলাত কৰ্মৰত আছিল ৷ দহদিন পূৰ্বে কেৰেলাৰ পৰা ঘৰলৈ আহিছিল ব্যক্তিজন ৷ তাৰপিছত শাৰিৰীক অসুস্থতাত ভোগে ব্যক্তিজন ৷ খবৰৰ পিছতে গাঁৱখনত সৃষ্টি হোৱা আতংকৰ ফলত স্থানীয় ৰাইজে মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক অবগত কৰে ৷ ততাতৈয়াকৈ প্ৰশাসনৰ লোকে বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় লোকজনক ৷
08:14 March 21
জনতা কাৰ্ফিউলৈ সঁহাৰি ৰাজ্যৰ শিল্পীৰ
গুৱাহাটী,21 মাৰ্চঃ কৰ’ণা ভাইৰাছ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক জনোৱা আহ্বানক সমৰ্থন জনায় অভিনেতা পবিত্র ৰাভা আৰু বাহাৰুল ইছলামে । চীন-ইটালীত ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰা কৰ’ণাৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যে সম্বোধন কৰিছিল বিশেষ ভাষণ । দেশৰ জনতাক কৰ’ণাৰ পৰা সুৰক্ষিত কৰিবলৈ বিশেষ কাম নাথাকিলে ঘৰৰ পৰা বাহিৰ নহ’বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।