ETV Bharat / state

Police assaulting civilian in Guwahati: জামিন লাভ কৰিলে বিকি প্ৰসাদ গুপ্তাই - পল্টন বজাৰ থানাৰ যানবাহন শাখা

গুৱাহাটীৰ পল্টন বজাৰ কাণ্ডৰ ভুক্তভোগী বিকি গুপ্তাৰ জামিন মঞ্জুৰ কৰা হৈছে (Court grants bail to Biki Gupta)৷ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ ।

Court grants bail to Biki Gupta
বিকি প্ৰসাদ গুপ্তাৰ জামিন মঞ্জুৰ
author img

By

Published : Mar 21, 2022, 5:41 PM IST

Updated : Mar 21, 2022, 6:17 PM IST

গুৱাহাটী, ২১ মাৰ্চ: বিকি প্ৰসাদ গুপ্তাৰ জামিন মঞ্জুৰ । কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ (Court grants bail to Biki Gupta)। পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযয়া আৰু তদন্তকাৰী বিষয়া উপস্থিত আছিল আদালতত ।

পল্টন বজাৰ কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে দোষ স্বীকাৰ কৰিছে আদালতত । ঘটনাত জড়িত সকলো আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথাও প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই । উক্ত ঘটনাৰ লগত জড়িত অন্য ৫ গৰাকী আৰক্ষীলৈও চমন জাৰি কৰা হৈছে ৷ পল্টন বজাৰ কাণ্ডৰ সন্দৰ্ভত বিকি গুপ্তাক ভাৰতীয় লণ্ডবিধি আইনৰ ২৯৪, ৩২৫, ৩৫৩ আৰু ৩৪১ ধাৰাত কাৰাদণ্ড বিহা হৈছিল ৷

বিকি প্ৰসাদ গুপ্তাৰ পত্নীৰ মন্তব্য

উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰত পৰিয়ালৰ সন্মুখতে বিকি প্ৰসাদ গুপ্তা নামৰ লোকজনক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল । আৰক্ষীৰ প্ৰহাৰৰ সময়ত বাইকত বিকি প্ৰসাদ গুপ্তাৰ পত্নী আৰু কনমানি সন্তান আছিল । বাইকত থকা অৱস্থাত লোকজনক আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে প্ৰহাৰ কৰাত তেওঁৰ পত্নী আৰু সন্তান পৰি গৈছিল । আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হোৱাৰ বাবে বিকি প্ৰসাদ গুপ্তা নামৰ বাইক আৰোহীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল আৰু ঘটনাটোৰ বাবে নিলম্বিত কৰা হৈছে অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক ৷

আনহাতে পল্টন বজাৰ থানাৰ যানবাহন শাখাৰ আই চি উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাকো ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে ।

লগতে পঢ়ক: ঘৰৰ পৰা উঠাই আনি মৰিয়াই মৰিয়াই হত্যা এজনক

Last Updated : Mar 21, 2022, 6:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.