ETV Bharat / state

OLX ত সামগ্ৰী ক্ৰয় অথবা বিক্ৰী কৰোঁতে হওক সাৱধান

author img

By

Published : Aug 28, 2021, 5:22 PM IST

OLX ত সামগ্ৰী ক্ৰয় অথবা বিক্ৰী কৰোঁতে সাৱধান । অন্যথা আপোনাৰ অলপ অসাৱধানৰ বাবে আপোনাৰ সাঁচতীয়া ধন কেইটাও লুটি নিব পাৰে চাইবাৰ অপৰাধীয়ে ।

Cotton students money loots by cyber criminal
চাইবাৰ অপৰাধীয়ে লুটিলে কটনৰ ছাত্রৰ সাঁচতীয়া ধন

গুৱাহাটী, 29 আগষ্ট: OLX ত বস্তু বিক্ৰী অথবা ক্ৰয় কৰোঁতে এতিয়াৰে পৰা সাৱধান হওক । অন্যথা আপোনাৰ অলপ অসাৱধানতাৰ বাবে আপুনি পৰিব পাৰে বিপদত । কিয়নো চাইবাৰ(cyber crime) অপৰাধীৰ নজৰ আছে আপোনাৰ ওপৰত ।

আপুনি OLX ত বিজ্ঞাপন দিয়া সামগ্ৰী ক্ৰয় কৰাৰ চলেৰে আপোনাৰ সৈতে চিনাকি হৈ আপোনাৰ বেংক একাউন্ট হেক কৰি লুটিব পাৰে একাউন্টৰ জমা ধন ৷ অসম আৰক্ষীৰ চাইবাৰ চেলক প্ৰত্যাহ্বান জনাই ইতিমধ্যে চাইবাৰ অপৰাধীয়ে বিগত সময়চোৱাত সংঘটিত কৰি আহিছে বিভিন্ন ধৰণৰ অপৰাধ মূলক ঘটনা ৷

চাইবাৰ অপৰাধীৰ কৱলত পৰি সর্বস্বান্ত হোৱা বহু লোকে আৰক্ষীৰ কাষ চপাৰ পিছতো সুফল লাভ কৰা নাই ৷ শেহতীয়াকৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটীত পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ লগত জড়িত তেনে এক ঘটনা ৷ চাইবাৰ অপৰাধীৰ জালত পৰিছে এজন কটন কলেজৰ ছাত্ৰ ।

লগতে পঢ়ক: জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে

মহানগৰীৰ নিউ গুৱাহাটী, পৰাগ দাস পথৰ বাসিন্দা ছাত্ৰজনৰ নাম হৈছে আকাশ নাথ । জানিব পৰা মতে ছাত্ৰজনে যোৱা ২৫ আগষ্টত নিজৰ Desktop টো বিক্ৰীৰ বাবে OLX ত এটা বিজ্ঞাপন দিছিল । কিন্তু বিজ্ঞাপন দিয়াৰ পিছত এজন ব্যক্তিয়ে তেওঁৰ লগত যোগাযোগ কৰে ।

পৰৱৰ্তী সময়ত অতি কৌশলপূৰ্ণ ভাৱে ছাত্ৰ জনৰ লগত অনলাইনত যোগাযোগ কৰি সামগ্ৰীটো ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ গ্ৰাহক ৰূপী চাইবাৰ অপৰাধীজনে ছাত্ৰ জনৰ পৰা Google Pay ৰ নম্বৰ লৈ বেংক একাউন্ট হেক কৰি লুটি লৈ যায় 22 হাজাৰ টকা ।

লগতে পঢ়ক: অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

পিছত এই কথা জানিব পাৰি হতভম্ব হৈ পৰে ছাত্ৰজন । ভুক্তভোগী ছাত্ৰজনে পৰিয়ালক কিদৰে চাইবাৰ অপৰাধীযে জালত পেলাই বেংকৰ জমা ধন লুটি নিলে সেই কথা অৱগত কৰে । এফালে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰজনৰ মাতৃ জিলমিল দাসে ইতিমধ্যে গীতানগৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

উল্লেখ্য যে, আৰক্ষীয়ে ছাত্ৰজনৰ সৈতে যোগাযোগ কৰা নম্বৰৰ ভিত্তিত চাইবাৰ অপৰাধীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ডিব্ৰুগড়ত উত্তৰ-পূৱৰ দ্বিতীয়টো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.