ETV Bharat / state

সোণাপুৰত গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ - আৰ কে কনষ্ট্ৰাকচন(জে ভি)

দুৰ্নীতিয়ে এৰা নিদিয়া অসমৰ খোদ দিশপুৰত সংঘটিত হৈছে অন্য এক দুৰ্নীতি ৷ মহানগৰীৰ দিশপুৰ সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ।

corporation in pmgsy road formation guwahati kamrup metro assam etv bharat news
পথ নিৰ্মাণত দুৰ্নীতি
author img

By

Published : Mar 17, 2020, 10:22 AM IST

গুৱাহাটী,17 মাৰ্চঃ মহানগৰীৰ দিশপুৰ সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত সংঘটিত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ । সোণাপুৰৰ মাৰকাং গাঁৱৰ পৰা বৰকাচাং গাঁৱলৈ পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল হেমন্ত কুমাৰ ভাগৱতী নামৰ এজন ঠিকাদাৰে ৷ আৰ কে কনষ্ট্ৰাকচন(জে ভি) নামৰ কোম্পানী এটাই এই দায়িত্ব লাভ কৰিছিল । পথ নিৰ্মাণৰ নামত ঠিকাদাৰে লাভ কৰে 4,01,49,029 টকা

corporation in pmgsy road formation guwahati kamrup metro assam etv bharat news
পথ নিৰ্মাণত দুৰ্নীতি

কোটিটকীয়া উক্ত পথ নির্মাণৰ পিছতে এতিয়া চপৰা-চপৰে খহিছে পথটোৰ পাথৰ ব্লেক টেপিং । অসম-মেঘালয় সীমান্তৱৰ্তী স্থানীয় বাসিন্দাসকলে উক্ত পথৰ নিৰ্মাণ কার্যত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰায় ৮.২৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ প্রায় ১ কিল’মিটাৰ কামহে সম্পূৰ্ণ কৰিছে ঠিকাদাৰে । পথটো চপৰা-চপৰে খহাৰ বাবে স্থানীয় ৰাইজে নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে । স্থানীয় ৰাইজে অতি শীঘ্ৰে মাৰকাং গাঁৱৰ পৰা বৰকাচাং গাঁৱলৈ যোৱা পথটো উন্নতমানৰ পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে চাওকঃবাইহাাটা মদনপুৰত টোলগেটকলৈ উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.