ETV Bharat / state

কৰ’ণা ভাইৰাছৰ আতংকত স্তিমিত ফাকুৱাৰ উৎসাহ - কৰ’ণা ভাইৰাছ

বিশ্বত এতিয়া কৰ’ণা ভাইৰাছৰ আতংক । কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে আহিছে ফাকুৱা উৎসৱ । এই উৎসৱক লৈ সকলো স্তৰৰ লোকৰ মাজত এইবাৰ উৎসাহ কিছু কম হোৱা পৰিলক্ষিত হৈছে । কোনোবাই যদি থলুৱা ৰঙেৰে ফাকু খেলাৰ পৰিকল্পনা কৰিছে, কোনোৱে আকৌ এইবাৰ ফাকু নেখেলাৰ সিদ্ধান্ত লৈছে ।

corona virus dampens holi spirit guwahati kamrup metro assam etv bharat news
ফাকুৱাৰ সমাহাৰ
author img

By

Published : Mar 9, 2020, 12:01 AM IST

গুৱাহাটী,8 মাৰ্চঃ প্ৰতি বছৰৰ দৰে এইবছৰো ফাকুৱা উৎসৱৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল যদিয়ো কৰ’ণা ভাইৰাছৰ বাবে ফাকুৱা উৎসৱৰ আনন্দ ম্লান পৰিছে । মহানগৰীত ফাকুৱাৰ দাম বঢ়াৰ লগতে থলুৱা ফাকুৱা বিচাৰি গ্ৰাহকে বজাৰ চলাথ কৰা পৰিলক্ষিত হৈছে । সকলো বোৰৰ মাজতে প্ৰতি বছৰে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ফাকুৱা উৎসৱ পালন কৰি আহিছে । কিন্তু এইবাৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো কৰ’ণাৰ আতংক দেখা গৈছে ।

কৰ’ণা ভাইৰাছৰ আতংক
স্তিমিত ফাকুৱাৰ উৎসাহ

উল্লেখ্য যে, এইবছৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ ছাত্ৰসকলে বৰপেটাৰ থলুৱা ফাকু ব্যৱহাৰ কৰি উৎসৱৰ পৰম্পৰা ৰক্ষা কৰাৰ বিপৰীতে ছাত্ৰীনিবাসৰ ছাত্ৰীসকলে ফাকু নেখেলাৰ সিদ্ধান্ত লৈছে । কৰ’ণা ভাইৰাছৰ প্ৰভাৱৰ পৰা নিজক ৰক্ষা কৰাৰ বাবে এইবাৰ উৎসৱ পালনৰ পৰা বঞ্চিত হ’ব ৰাজ্যবাসী ।

লগতে চাওকঃনাৰী দিৱস উপলক্ষে তামিলনাডুৰ মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.