ETV Bharat / state

মহানগৰীত মাস্ক পৰিধান কৰি জুম্মাৰ নামাজ পঢ়িলে একাংশ লোকে - corona awarness at dakshingaon masjid, guwahati

কৰ'ণাৰ আতংকৰ বাবে মহানগৰীৰ মছজিদ সমূহত অন্য শুকুৰবাৰৰ তুলনাত আজি কিছু পৰিমাণে হ্ৰাস পাইছে জুম্মাৰ নামাজ পঢ়া লোকৰ সংখ্যা ৷ কৰ'ণাৰ আতংকৰ বাবে সজাগতা অবলম্বন কৰি আজি মহানগৰীৰ দক্ষিণগাঁও মছজিদত হেণ্ড ৱাছেৰে হাত ধুই উজু কৰি মাস্ক পৰিধান কৰি নামাজত অংশগ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

জুম্মাৰ নামাজ পঢ়িলে
জুম্মাৰ নামাজ পঢ়িলে
author img

By

Published : Mar 20, 2020, 5:04 PM IST

গুৱাহাটী, 20 মাৰ্চঃ কৰ'ণাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মানুহে নিজকে নিজে গৃহবন্ধী কৰিছে,ত্যাগ কৰিছে সামাজিক জীৱন যাপন ৷ আনকি ধাৰ্মিক স্থললৈ পূজা অৰ্চনাৰ কৰিবলৈ যোৱাও এৰিছে মানুহে ৷ ইছলাম ধৰ্মাৱলম্বী লোক সকলে প্ৰতি শুকুৰবাৰে মাছজিদত সমবেত হৈ জুম্মাৰ নামাজ পঢ়ি আল্লাহৰ ওচৰত বিশেষ দোৱাত অংশগ্ৰহণ কৰে ৷ কৰ'ণাৰ আতংকৰ বাবে মহানগৰীৰ মছজিদ সমূহত অন্য শুকুৰবাৰৰ তুলনাত আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ অংশগ্ৰহণ কিছু কম পৰিলক্ষিত হয় যদিও,মহানগৰীৰ দক্ষিণগাঁও মছজিদত দেখা গ'ল এক বিপৰীত ছবি ৷ দক্ষিণগাঁও মছজিদত শুকুৰবাৰ উপলক্ষে শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে হেণ্ড ৱাছেৰে হাত ধুই উজু কৰি মাস্ক পৰিধান কৰি নামাজত অংশগ্ৰহণ কৰে ৷

মহানগৰীত মাস্ক পৰিধান কৰি জুম্মাৰ নামাজ পঢ়িলে একাংশ লোকে

উল্লেখ্য যে,নামাজৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে একেলগে আল্লাহৰ ওচৰত বিশেষ দোৱা কৰি বিশ্বৰ পৰা মহামাৰী কৰ'ণা ভাইৰাছৰক নিশেষ কৰি মানৱ জাতিক ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰে ৷ মছজিদৰ মাইকযোগে সকলো ব্যক্তিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দেশবাসীক আহ্বান জনোৱা জনতাৰ সান্ধ্য আইন পালন কৰিবলৈও আহ্বান জনায় ৷

লগতে পঢ়কঃ ৰাজ্যজুৰি কৰ’ণাৰ আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.