ETV Bharat / state

বিজেপিৰ পৰা নিলম্বিত হ’ল বিতৰ্কিত নেত্ৰী দীপাঞ্জলী কাকতি

author img

By

Published : Nov 16, 2020, 10:34 PM IST

ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বন হ'ল বিতৰ্কিত নেত্ৰী দীপাঞ্জলী কাকতি ৷ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ডাঃ ৰাজদ্বীপ ৰায়ে এক প্ৰেছ বিবৃতি যোগে জনালে এই কথা ৷ কৰ্মৰত অৱস্থাত আৰক্ষীক শাৰীৰিক ভাৱে অপদস্থ কৰাৰ লগতে একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল দীপাঞ্জলী কাকতিৰ বিৰুদ্ধে ৷ অপকৰ্মৰ বিৰুদ্ধে থানাত ৰুজু হৈছিল একাধিক গোচৰ ৷ তাৰ পাছতে দলৰ পৰা নিলম্বন কৰে নেত্ৰী গৰাকীক ৷

http://10.10.50.80:6060//finalout3/assam-nle/thumbnail/16-November-2020/9564036_240_9564036_1605545579175.png
বিজেপিৰ পৰা নিলম্বিত হ’ল বিতৰ্কিত নেত্ৰী দীপাঞ্জলী কাকতি

কামৰূপ,16 নৱেম্বৰ: অৱশেষত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বন হ'ল বিতৰ্কিত নেত্ৰী দীপাঞ্জলী কাকতি ৷ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ডাঃ ৰাজদ্বীপ ৰায়ে এক প্ৰেছ বিবৃতি যোগে জনালে এই কথা ৷ শদিয়াৰ এই গৰাকী বিজেপিৰ নেতৃৰ বিৰুদ্ধে উত্থাপন হৈছিল বহুতো অভিযোগ ৷ কৰ্মৰত অৱস্থাত আৰক্ষীক শাৰীৰিক ভাৱে অপদস্থ কৰাৰ লগতে ভয় দেখুৱাই চৰকাৰী কাম সম্পাদন কৰাত বাধা আৰোপ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল দীপাঞ্জলী কাকতিৰ বিৰুদ্ধে ৷ দীপাঞ্জলী কাকতিৰ এনে অপকৰ্মৰ বিৰুদ্ধে থানাত ৰুজু কৰা হৈছিল একাধিক গোচৰ আৰু এই অভিযোগৰ ভিত্তিতেই ৰাজ্যিক বিজেপিয়ে দলৰ পৰা নিলম্বন কৰে নেত্ৰী গৰাকীক ৷ দীপাঞ্জলী কাকতীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ গোচৰ নিষ্পত্তি হৈ অভিযোগমুক্ত নোহোৱা পৰ্যন্ত দলৰ পৰা নিলম্বন কৰা হৈছে বুলি প্ৰেছ বিবৃত্তি যোগে জনালে দলটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক:সাংবাদিক আক্ৰমণক কেন্দ্ৰ কৰি আন্দোলনৰ হুংকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.