ETV Bharat / state

assam faces financial crisis : বিলৰ ৫ শতাংশ ধনহে পাব ঠিকাদাৰে - latest assamese news

বিত্তীয় সমস্যাত ভূগিছে ৰাজ্য (assam faces financial crisis) ৷ শেহতীয়াকৈ লোকনিৰ্মাণ বিভাগে নতুন ঠিকাৰ কামৰ প্ৰশাসনিক অনুমোদন প্ৰদানৰ ক্ষেত্ৰত আৰোপ কৰা এক নতুন চৰ্তই এই কথা প্ৰতীয়মান কৰিছে ৷

assam faces financial crisis
বিত্তীয় সমস্যাত ভূগিছে ৰাজ্য
author img

By

Published : Nov 24, 2021, 3:36 PM IST

গুৱাহাটী, ২৪ নৱেম্বৰ : ৰাজকোষৰ অৱস্থা ভাল বুলি ছমহীয়া ৰাজ্য চৰকাৰখনে যিমানেই দাবী নকৰক কিয়, হিতাধিকাৰী সৃষ্টিৰ লক্ষৰে যিমানেই নতুন নতুন আঁচনি ঘোষণা নকৰক কিয়, প্ৰকৃততে চৰকাৰৰ বিত্তীয় অৱস্থা যে মুঠেও ভাল নহয় সেই কথা পুনৰবাৰ স্পষ্ট হৈছে (assam faces financial crisis) ।

শেহতীয়াকৈ লোকনিৰ্মাণ বিভাগে নতুন ঠিকাৰ কামৰ প্ৰশাসনিক অনুমোদন প্ৰদানৰ ক্ষেত্ৰত আৰোপ কৰা এক নতুন চৰ্তই ঠিকাদাৰ সকলক বিমোৰত পেলোৱাই নহয়, চৰকাৰৰ বিত্তীয় অৱস্থাটোও উদঙাই দেখুৱাইছে । প্ৰশাসনিক অনুমোদন দিয়াৰ পূৰ্বে ঠিকাদাৰসকলে এই চৰ্ত মানিব লাগিব ।

সেই অনুসৰি লোকনিৰ্মাণ বিভাগৰ যিকোনো ধৰণৰ কামৰ বিপৰীতে মুঠ অনুমোদিত ধনৰ পাঁচ শতাংশহে চলিত বিত্তীয় বৰ্ষত চৰকাৰে ঠিকাদাৰক আদায় দিব । বাকী ৯৫ শতাংশ ধন লাভ কৰিব আগন্তুক বিত্তীয় বৰ্ষত । কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল চৰকাৰৰ বিত্তীয় অৱস্থা যদিহে আগন্তুক বিত্তীয় বৰ্ষত উন্নত নহয়, তেন্তে সেই ধন লাভ কৰাৰো কোনো নিৰ্দিষ্ট সময় নাথাকিব ৷

মন কৰিবলগীয়া যে, চৰকাৰৰ নিজাকৈ সংগৃহীত ৰাজহৰ পৰিমাণ দ্ৰুতগতিত নিম্নগামী হৈ আহিছে । সোণোৱাল চৰকাৰৰ শেষৰ তিনি বছৰত প্ৰতি বছৰে ৰাজ্য চৰকাৰৰ নিজা ৰাজহ সংগ্ৰহৰ পৰিমাণ দুহেজাৰ কোটি টকাকৈ হ্ৰাস পাইছিল । ফলত এতিয়া একপ্ৰকাৰ অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ । যাৰ বাবে বিগত মাত্ৰ চাৰিটা মাহৰ ভিতৰত এইখন চৰকাৰে বিভিন্ন উৎসৰ পৰা প্ৰায় ১৮ হাজাৰ কোটি টকা ঋণ ল’বলগীয়া হৈছে ।

লগতে চাওক: চিৰদিনৰ বাবে বন্ধ হ'ল অপ্সৰা চিনেমা হল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.