গুৱাহাটী, 12 জুন : ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে COVID 19 আক্ৰান্তৰ সংখ্যা। গুৱাহাটী মহানগৰীত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। কিয়নো শেহতীয়াকৈ চিনাক্ত হোৱা কোনো এজন লোকৰ নাই ট্ৰেভেল হিষ্ট্ৰী। বৰ্তমানলৈ মহানগৰীৰ ৫৭ টা স্থানক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰে ২১টা স্থানত কন্টেইনমেন্ট জ'ন প্ৰত্যাহাৰ কৰা হৈছে যদিও ৩৬ টাকৈ স্থান বৰ্তমানো কন্টেইনমেন্ট জ'ন হৈ আছে ।
বৃহস্পতিবাৰৰ দিনটোত ৰূপনগৰ, বৰ্ষাপাৰা, লেম্ব ৰোড, বিৰুবাৰী, কুশলনগৰ, ফটাশিল চাৰিআলি, শিলপুখুৰী, আঠগাঁও পুখুৰীপাৰ আৰু মালিগাঁও নেটাজী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিকক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল। ইফালে শুকুৰবাৰে ঘোৰামাৰাৰ হাউচিং কলনীক কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হয় ।
লগতে পঢ়কঃ গোপনে সৰবৰাহ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী !