গুৱাহাটী, 29 ছেপ্তেম্বৰ : মালিগাঁওবাসীৰ বাবে সুখবৰ ৷ কিয়নো দীৰ্ঘদিনীয়া যান যঁটৰ সমস্যা শীঘ্ৰেই সমাধান হোৱাৰ পথত । অক্টোবৰৰ প্ৰথম ভাগৰ পৰা কাম আৰম্ভ হ'ব মালিগাঁৱৰ নতুন উৰণীয়া সেঁতুৰ । নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ'ব 2.9 কিঃমিঃ ।
![Construction Of Maligaon Flyover To Start From Oct](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-maligaonflyover-as10002_29092020164201_2909f_1601377921_143.jpg)
সামাজিক মাধ্যম যোগে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা । লগতে,দলঙখন কেনেধৰণৰ হ'ব তাৰো ছবি প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে । 321.41 কোটি টকা ব্যয়ৰে সেঁতুখন নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যেই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ।
![Construction Of Maligaon Flyover To Start From Oct](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-maligaonflyover-as10002_29092020164201_2909f_1601377921_274.jpg)
উল্লেখ্য যে,তীব্ৰ যান যঁটৰ প্ৰতি লক্ষ্য ৰাখি মালিগাঁওবাসীয়ে দীৰ্ঘদিনৰ পৰাই উৰণীয়া সেঁতুখন নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল ৷ শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাই মালিগাঁওবাসীক দিছে এক আশাৰ বতৰা ।
![Construction Of Maligaon Flyover To Start From Oct](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-maligaonflyover-as10002_29092020164201_2909f_1601377921_479.jpg)
লগতে পঢ়ক : ক'ভিড ৰোগীলৈ অসমীয়া সুস্বাদু পিঠা-পনা