ETV Bharat / state

ডিঙিত গামোচা ল'লেই অসমৰ প্ৰতি প্ৰেম নুবুজাইঃ কিশোৰ ভট্টাচাৰ্য

author img

By

Published : Dec 14, 2019, 6:47 PM IST

অসমৰ আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণভাবে ব্যৰ্থ হৈছে । অসমৰ মানুহৰ আবেগ অনুভূতি,সন্মান,সাধাৰণ জনতাৰ হকে কাম কৰাত ভাৰতীয় জনতা পাৰ্টী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী আইনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ৷

কিশোৰ ভট্টাচাৰ্য
ডিঙিত গামোচা ললেই অসমৰ প্ৰতি প্ৰেম নুবুজাইঃ কিশোৰ ভট্টাচাৰ্য

গুৱাহাটী,14 ডিচেম্বৰঃ অসমৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই শনিবাৰে মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত ভট্টাচাৰ্যই ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক লৈ সৰৱ হৈ পৰে। কিশোৰ ভট্টাচাৰ্যই কয়,কেবক লৈ অসমৰ বৰ্তমান পৰিস্থিতি অভাৱনীয়। অসমৰ জনসাধাৰণৰ ক্ষোভ ভাৰতীয় জনতা পাৰ্টীয়ে অনুধাৱন কৰিব নোৱাৰিলে যাৰ বাবে বিগত এক সপ্তাহ ধৰি অসমৰ ছাত্ৰ সমাজ,দল সংগঠন,সাধাৰণ জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। অসমৰ আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণভাবে ব্যৰ্থ হৈছে। অসমৰ মানুহৰ আবেগ অনুভূতি,সন্মান,সাধাৰণ জনতাৰ হকে কাম কৰাত ভাৰতীয় জনতা পাৰ্টী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী আইনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এতিয়া আমাৰ শেষ আশা উচ্চতম ন্যায়ালয় ওপৰত। প্ৰতিবাদক দমন কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জি পি সিংহক অসমলৈ পঠোৱা সময়ত আমি আশংকা ব্যক্ত কৰিছিলো যে অসমীয়া নিৰীহ প্ৰতিবাদকাৰী প্ৰাণ যাব। তাৰ পিছত তিনিজন লোক নিহত হোৱাৰ লগতে 27 জন আহত হৈছে। ৰাজ্য চৰকাৰৰে দল সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰি প্ৰতিবাদক দমন কৰিবলৈ বিচাৰিছো। নাগৰিকত্ব সংশোধনী আইনক অসম আন্দোলন,অসম চুক্তিৰ অৱমাননা কৰা হৈছে আৰু এই আইন পৰিণত হোৱাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অযুক্তিকৰ।

ডিঙিত গামোচা ললেই অসমৰ প্ৰতি প্ৰেম নুবুজাইঃ কিশোৰ ভট্টাচাৰ্য

তাৰোপৰি কয়,অসমত 15 বছৰত কংগ্ৰেছৰ শাসন কালত এনে পৰিস্থিতি হোৱা নাছিল ৷ মুখ্যমন্ত্ৰী নিজৰ ব্যৰ্থক ঢাকিবলৈ গুলি চালনা কৰি প্ৰতিবাদ দমন কৰিবলৈ বিচাৰিছে। প্ৰতিবাদ দমন কৰাৰ নামত সংবাদ গোষ্ঠীক নিৰাপত্তা ব্যৱস্থা কৰিছে। এনে পৰিৱেশ অসমৰ জনতাই কাহানিও দেখা নাছিল। আমাৰ শংকা হৈছে বি জে পি আৰু আৰ এছ এছে এই প্ৰতিবাদক হিংসাত্মক কামত জড়িত আছে। ৰাজ্য চৰকাৰ সাহস আছে যদি সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত কৰক। ৰাজ্যত হোৱা বৰ্তমান পৰিস্থিতিৰ দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদ ত্যাগ কৰা উচিত।

লগতে চাওকঃ ক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ জনজীৱন

Intro:কেবক লৈ অসমৰ বৰ্তমান পৰিস্থিতি অভাৱনীয় : গামোচা খন প্ৰধানমন্ত্ৰী নিজৰ ডিঙিত ললে অসমৰ প্ৰতি প্ৰেম নুবুজাই - অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Body:অসমৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক লৈ সৰৱ হৈ পৰে। উক্ত সংবাদমেলত কিশোৰ ভট্টাচাৰ্যই কয় কেবক লৈ অসমৰ বৰ্তমান পৰিস্থিতি অভাৱনীয়। অসমৰ জনসাধাৰণৰ ক্ষোভ ভাৰতীয় জনতা পাৰ্টিয়ে অনুধাৱন কৰিবলৈ নোৱাৰিলে যাৰ বাবে বিগত এক সপ্তাহ ধৰি অসমৰ ছাত্ৰ সমাজ, দল সংগঠন, সাধাৰণ জনতাৰ ক্ষোভৰ বহি প্ৰকাশ ঘটিছে। অসমৰ অইন শৃংখলা নিয়ন্ত্ৰণ কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণভাবে ব্যৰ্থ হৈছে। অসমৰ মানুহৰ আবেগ অনুভূতি, সন্মান, সাধাৰণ জনতাৰ হকে কাম কৰাত ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী আইনক লৈ কংগ্ৰেছৰ কেন্দ্ৰ নেতৃত্বই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আমাৰ শেষ আশা উচ্চতম ন্যায়ালয় ওপৰত। প্ৰতিবাদক দমন কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জি পি সিংহক অসমলৈ পঠোৱা সময়ত আমি আশংকা ব্যক্ত কৰিছিলোঁ যে অসমীয়া নিৰীহ প্ৰতিবাদকাৰী প্ৰাণ যাব। তাৰ পিছত তিনি জন লোক নিহত হোৱাৰ লগতে 27 জন আহত হৈছে। ৰাজ্য চৰকাৰৰে দল সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰি প্ৰতিবাদক দমন কৰিবলৈ বিচাৰিছোঁ। নাগৰিকত্ব সংশোধনী অইনক অসম আন্দোলন, অসম চুক্তিৰ অৱমাননা কৰা হৈছে আৰু এই আইন পৰিণত হোৱাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অযুক্তিকৰ।

অসমত 15 বছৰত কংগ্ৰেছৰ শাসন কালত এনে পৰিস্থিতি হোৱা নাছিল মুখ্যমন্ত্ৰী নিজৰ ব্যৰ্থক ঢাকিবলৈ গুলী চালনা কৰি প্ৰতিবাদ দমন কৰিবলৈ বিচাৰিছে। প্ৰতিবাদ দমন কৰাৰ নামত সংবাদ গোষ্ঠীক নিৰাপত্তা ব্যৱস্থা কৰিছে। এনে পৰিবেশ অসমৰ জনতাই কাহানিও দেখা নাছিল। আমাৰ শংকা হৈছে বি জি পি আৰু আৰ এছ এছয়ে এই প্ৰতিবাদক হিংসাত্মক কামত জড়িত আছে। ৰাজ্য চৰকাৰ সাহস আছে যদি সমগ্র ঘটনাৰ ন্যায়িক তদন্ত কৰক। ৰাজ্যত হোৱা বৰ্তমান পৰিস্থিতিৰ দায়ীত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদ ত্যাগ কৰা উচিত।

Conclusion:এই এম ডি টি আইন বাতিল কৰি মুখমন্ত্ৰী সৰ্বানন্দ সোনোৱালক জাতীয় নায়কৰ খিতাপ দিয়া হৈছিল আজি সোনোৱাল জাতীয় নায়ক নহয় জাতীয় খলনায়কহে বুলি কয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ডিঙিত অসমীয়া গামোচা লৈ গৌৰৱ অনুভৱ কৰে। অসমীয়াৰ গৌৰৱ গামোচা খন প্ৰধানমন্ত্ৰী নিজৰ ডিঙিত ললে অসমৰ প্ৰতি প্ৰেম নুবুজাই। মূলা গাভৰু , লাচিত বৰফুকনৰ কথা কলে অসম প্ৰেম নুবুজাই। নৰেন্দ্ৰে মোদী এটা কথা বুজি লোৱা উচিত অসমৰ মানুহৰ আবেগ অনুভূতিক সন্মান কৰাহে অসমৰ প্ৰতি আচল প্ৰেম বুজাই ।

Aarar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.