ETV Bharat / state

Tarun Gogoi Birthday: ওপজা দিনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক স্মৰণ কংগ্ৰেছীৰ

author img

By

Published : Oct 11, 2022, 9:05 PM IST

গুৱাহাটীৰ ৰাজীৱ ভৱনত বিশেষ কাৰ্যসূচীৰে তৰুণ গগৈৰ জন্মদিন পালন (Birthday of former CM Tarun Gogoi)। কংগ্ৰেছে নিজৰ কাৰ্যালয়ৰ চেহেৰা সলনি কৰিব নোৱাৰিলেও কিন্তু অসমৰ চেহেৰা সলনি কৰিবলৈ সক্ষম হৈছে বুলি বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ । পিতৃৰ স্মৃতি ৰোমন্থন পুত্ৰ গৌৰৱ গগৈৰ ।

Birthday of former CM Tarun Gogoi
ওপজা দিনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক স্মৰণ কংগ্ৰেছীৰ

গুৱাহাটী, ১১ অক্টোবৰ: ওপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক । কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বিভিন্ন কাৰ্যসূচীৰে জননেতাগৰাকীৰ জন্মদিন উদযাপন কৰে (Birthday of former CM Tarun Gogoi)। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় (Tarun Gogi birthday celebration at Guwhati)।

কংগ্ৰেছৰ নেতা-কৰ্মী, বিধায়ক, সাংসদসকলে ওপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰে তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক । অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, চিফ হুইপ ৱাজেদ আলি চৌধুৰী, কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ, বিধায়ক চোবাহান আলি চৰকাৰ আৰু শিৱামনি বৰাকে ধৰি দলৰ ভালেসংখ্যক নেতা-কৰ্মী ।

অনুষ্ঠানৰ আৰম্ভনিতে তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC president Bhupen Borah) কয় যে তৰুণ গগৈ আমাৰ সকলোৰে বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ অমল উৎস হৈ সদায় থাকিব । বিজেপি দলক কটাক্ষ কৰি তেওঁ কয় যে ৰাজীৱ ভৱনৰ চেহেৰা আগৰ পৰাই একেই হৈ আছে । কংগ্ৰেছে নিজৰ কাৰ্যালয়ৰ চেহেৰা সলনি কৰিব নোৱাৰিলেও কিন্তু অসমৰ চেহেৰা সলনি কৰিবলৈ সক্ষম হৈছে ।

তেওঁ লগতে কয় যে তৰুণ গগৈৰ ভৰিত ধৰি সকলোবিলাক আদায় কৰিব বিচৰাসকলেই এদিন তৰুণ গগৈৰ বিৰুদ্ধে গৈছিল । তেওঁ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে কংগ্ৰেছে বিজেপিৰ অপশাসন বিৰুদ্ধে যুঁজ দি যাব । অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(Leader of opposition Debabrat Saikia) কয় যে শাসক পক্ষত থাকিলে নিজৰ ভুলটো দেখুৱাই নিদিয়ে । কিন্তু তৰুণ গগৈ থকাৰ সময়ত শাসক পক্ষৰ ভুলটো দেখুৱাই দিছিল ।

আনহাতে কমলাক্ষ দে’ পুৰকায়স্থই কয় যে, মৃত্যুৰ পাছতো তৰুণ গগৈ আমাৰ মাজত জীয়াই আছে । তেওঁৰ আদর্শৰে আমি সদায় আগবাঢ়ি যাম । অনুষ্ঠানত তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে তৰুণ গগৈয়ে অসমৰ সমাজত একতা বিচাৰিছিল । শান্তি-ঐক্য তেওঁ সদায় বিচাৰিছিল । সকলো জনগোষ্ঠীৰ মাজত একতা বিচাৰিছিল তৰুণ গগৈয়ে । উত্তৰ-পূবৰ মাজত পাৰ্থক্য দূৰ কৰাৰ বাবে সকলো সময়তে তৰুণ গগৈয়ে চেষ্টা কৰিছিল ।

এই একতাৰ মনোভাৱ আমি অনাগত দিনত ধৰি ৰাখিব লাগিব বুলি কয় গৌৰৱ গগৈয়ে । তেওঁ লগতে কয় যে কংগ্ৰেছ দলত সকলো ধৰ্মৰ স্থান আছে । নতুন অসম গঢ়াৰ কল্পনা কৰিছিল তৰুণ গগৈয়ে । তৰুণ গগৈ মানুহৰ মুখ্যমন্ত্ৰী আছিল । জীৱনৰ অন্তিম সময়তো ৰাইজৰ নেতা হিচাপে স্বীকৃতি পাইছিল বুলি তেওঁ সদৰি কৰে । অনুষ্ঠানত সকলোৱে তৰুণ গগৈৰ স্মৃতি ৰোমন্থন কৰে ।

লগতে পঢ়ক: Cabinet status to Prasanta Phukan: কেবিনেট মৰ্যাদা পোৱাৰ পাছতো ছিকিউৰিটী নলয় প্ৰশান্ত ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.