ETV Bharat / state

ৰাজীৱ ভৱনৰ সন্মুখত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ - Protest infront of Rajiv Bhawan

Yuva congrass Protest infront of Rajiv Bhawan
ৰাজীৱ ভৱনৰ সন্মুখত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Sep 24, 2020, 6:16 PM IST

Updated : Sep 24, 2020, 7:58 PM IST

15:58 September 24

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ প্ৰদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে যুৱ কংগ্ৰেছী সকলে ৷

ৰাজীৱ ভৱনৰ সন্মুখত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 24 ছেপ্তেম্বৰ: শেহতীয়াকৈ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিৰ্বাচনী পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰীকলৈ বৃহস্পতিবাৰে ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে যুৱ কংগ্ৰেছী সকলে ৷ প্ৰতিবাদৰ সময়ত আৰক্ষীৰে খণ্ড যুদ্ধটো মিলিত হ'ল যুৱ কংগ্ৰেছী সকল ৷  

উল্লেখযোগ্য যে,আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা কেলেংকাৰী পোহৰলৈ অহাৰ পাছৰে পৰা ৰাজ্যত অব্যাহত আছে বিক্ষোভ কাৰ্যসূচী ৷ বিভিন্ন দল সংগঠনে ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী সমুহ । নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এই মুহূৰ্তলৈকে আৰক্ষীয়ে সোধ পোচৰ বাবে আটক কৰিছে প্ৰায় 12 জনকৈ লোকক ৷ স্বয়ং মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহবিভাগতে সংঘটিত হোৱা এনে বিয়াগোম কেলেংকাৰীৰ বিৰুদ্ধে সেয়েহে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে অসম কংগ্ৰেছৰ লগতে বিভিন্ন দল সংগঠন ৷ কেলেংকাৰীৰ উচিত তদন্ত কৰি শীঘ্ৰে দোষীক আটক কৰাৰ দাবী বৃহস্পতিবাৰে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ কংগ্ৰেছী সকলে ৷  

লগতে পঢ়কঃ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

Last Updated : Sep 24, 2020, 7:58 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.