ETV Bharat / state

PPE Kit scam : কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jun 2, 2022, 4:07 PM IST

সমগ্ৰ অসমতে পিপিই কিট কেলেংকাৰীক লৈ উত্তেজনা । ইয়াৰ মাজতে এই কেলেংকাৰীৰ উচিত তদন্তৰ দাবী কংগ্ৰেছৰ (Congress demands proper probe into PPE kit scam) । গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি দলটোৰ নেতাসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ।

PPE Kit scam
কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

গুৱাহাটী,২ জুন : অসম চৰকাৰৰ পিপিই কিট কেলেংকাৰীৰ বিষয়টোৱে সম্প্ৰতি উত্তাল কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি (PPE Kit scam in Assam)। ক'ভিডকালীন পৰিৱেশৰ মাজত তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে । সংবাদমাধ্যমত এই কেলেংকাৰী সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাও দেখা গৈছে । এইবাৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (Congress protests demanding probe into PPE Kit scam)।

কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটীত পিপিই কিট পৰিধান কৰি কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest in Guwahati)। কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গান দিয়া দেখা যায় । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে ভয়ংকৰ ক'ভিড পৰিস্থিতিৰ মাজত ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ ‘ৰাণ-ৱে'ত ‘ব্লু-ডাৰ্ট’ৰ এখন সামগ্ৰী পৰিবাহী বিমানৰ সন্মুখত তেতিয়াৰ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই থিয় হৈ চীন দেশৰ পৰা অসমে ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৫০,০০০ বিশেষ পি পি ই কিট আমদানি কৰি আনিছে বুলি প্ৰচাৰ কৰিছিল ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা যে ফাঁকিবাজ এতিয়া ওলাই পৰিছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে । নেতাগৰাকীয়ে উল্লেখ কৰা মতে এক ‘আৰ টি আই’ৰ উত্তৰত অসম চৰকাৰৰ ক'ভিড প্ৰতিৰোধী সকলো সা-সামগ্রী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে অতি স্পষ্টভাৱে জনাই দিছে যে চীনৰ পৰা ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্ৰী ক্ৰয় কৰা হোৱা নাছিল । 'আৰ টি আই'ৰ উত্তৰত কোৱা হৈছে ২০২০ চনৰ ১৮ মাৰ্চৰ পৰা ২০২২ চনৰ ৪ জানুৱাৰীলৈকে অসমলৈ ৫০,০০০ পিপিই কিট যোগানৰ কোনো তথ্য নাই ।

ইফালে প্ৰতিবাদত অংশ লৈ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই প্ৰশ্ন কৰে যে সেই ৫০,০০০ পিপিই কিট যদি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে ক্ৰয় কৰা নাছিলেই তেন্তে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক কোনে সেই পিপিই কিট ক্ৰয় কৰিছিল ? সেই ৫০,০০০ পিপিই কিটৰ বাবদ ১৫ কোটি টকা কোনে ব্যয় কৰিছিল বুলিও তেওঁ প্ৰশ্ন কৰে ?

সেই ৫০,০০০ পিপিই কিট এতিয়া ক'ত জমা কৰি থোৱা আছে আৰু চীন দেশৰ পৰা ৫০,০০০ পিপিই কিট ক্রয় কৰি যোগান ধৰিবলৈ কোন ভাৰতীয় প্ৰতিষ্ঠানক ফৰ্মাচ দিয়া হৈছিল বুলিও মনজিৎ মহন্তই মুখ্যমন্ত্ৰীক উভতি ধৰে । অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে এই সন্দৰ্ভত এখন শ্বেতপত্র প্রকাশ কৰি অসমৰ ৰাইজক সকলো সঁচা তথ্য দাঙি ধৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় ।

লগতে পঢ়ক :পি পি ই কিটকাণ্ডঃ টকাৰ হিচাপ বিচাৰিলে জাতীয় পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.