গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ । কামৰূপ(ম) জিলা কংগ্ৰেছৰ উদ্যোগত মহানগৰীৰ গণেশগুৰিত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ । গণেশগুৰি চেৰাউগী পেট্ৰল ডিপো সন্মুখত বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ । ঘোঁৰা, চিলিণ্ডাৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ ।
কেন্দ্ৰীয় চৰকাৰ হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় বিভিন্ন শ্লোগান প্ৰদান কৰে কংগ্ৰেছ কর্মীসকলে । কান্ধত ছিলিণ্ডাৰ আৰু পিয়াজৰ মালা পিন্ধি ৰূপায়ন কৰে প্ৰতিবাদ ।
এই প্ৰতিবাদত উপস্থিত থাকে মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি জুৰি শৰ্মা বৰদলৈ, প্ৰাক্তন সাংসদ আৰপি শৰ্মা, প্ৰাক্তন বিধায়ক অকণ বৰা প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছকর্মী । উল্লেখ্য যে, মূলতঃ ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰূপায়ন কৰা হয় এই প্ৰতিবাদ ।
লগতে পঢ়ক:এখন দলঙৰ বাবে জীয়াতু ভূগিছে ৰাইজে...