ETV Bharat / state

পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ - চৰকাৰ

সাংবাদিক হত্যাৰ ন্যায় বিছাৰি অসম প্ৰদেশ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ কৰ্তব্য স্থলীৰ পৰা ঘূৰি আহি নিজ বাসগৃহৰ সন্মুখত এজন বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাতে এখন তীব্ৰ বেগী বাহনে মহতিয়াই থৈ গৈছিল তিনিচুকীয়া কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাক ৷

congress protest at ghy
পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Nov 13, 2020, 3:36 PM IST

গুৱাহাটী, 13 নৱেম্বৰঃ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ ন্যায় বিছাৰি সমগ্ৰ অসমতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুক্ৰবাৰে সাংবাদিক হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম প্ৰদেশ কংগ্ৰছে ৷ সাংবাদিক গৰাকীৰ হত্যাৰ ন্যায় বিছাৰি অসম প্ৰদেশ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

পৰাগ ভূঞা মৃত্যুৰ ন্যায় বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই প্ৰতিবাদস্থলীৰ পৰাই ক্ষোভ প্ৰকাশ কৰি চৰকাৰক প্ৰত্যাহ্বান জনাই কয়, বিজেপি চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত ষড়যন্ত্ৰমূলক ভাৱে হত্যা কৰা হ’ল সাংবাদিক পৰাগ ভূঞাক ৷ প্ৰদেশ কংগ্ৰেছৰ গুৰুতৰ অভিযোগ, এই হত্যাকাণ্ডৰ লগত চৰকাৰ জড়িত আছে ৷ যাৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰিছে ৷

উল্লেখ্য যে কৰ্তব্য স্থলীৰ পৰা আহি নিজ বাসগৃহৰ সন্মুখত এজন বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাতে এখন তীব্ৰ বেগী বাহনে মহতিয়াই থৈ গৈছিল তিনিচুকীয়া কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাক ৷

এই সমগ্ৰ ঘটনাটোক সম্পূৰ্ণ পৰিকল্পিত আখ্যা দিছে বিভিন্ন মহলে ৷ কিয়নো দীৰ্ঘদিন ধৰি প্ৰয়াত ভূঞাই সংবাদ ক্ষেত্ৰখনত থাকি আপোচ বিহীন ভাৱে বাতৰি পৰিবেশন কৰি আহিছিল ৷ নিজৰ কৰ্তব্যৰ সময়ছোৱাত অঞ্চলটোৰ বিভিন্ন কেলেংকাৰীৰ তথ্যও ফাদিল কৰিবলৈ সক্ষম হৈছিল সাংবাদিক গৰাকীয়ে ৷

হত্যাকাণ্ডৰ দিনাও এটা বিশেষ ৰাজনৈতিক দলৰ এগৰাকী প্ৰভাৱশালী নেত্ৰীৰ কুকৰ্মৰ বিৰুদ্ধে সবিস্তাৰে বাতৰি পৰিবেশন কৰিছিল সাংবাদিক পৰাগ ভূঞাই ৷ যাৰ বাবে পৰাগ ভূঞাক পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকৰ লগতে সচেতন মহলে ৷

লগতে পঢ়কঃছয়গাঁৱত বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.