ETV Bharat / state

বিজেপিৰ DNA ত আছে হিটলাৰী ফেচিবাদ : কংগ্ৰেছ

author img

By

Published : Jul 9, 2021, 10:35 PM IST

অপৰাধ নিয়ন্ত্ৰণৰ নামত ৰাজ্যত হঠাত্‍ বৃদ্ধি পোৱা এনকাউণ্টাৰ (Encounter) ৰ ঘটনাক লৈ সন্দেহ ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছে । ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে একনায়কত্ববাদী-ফেচিবাদী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে ।

congress press conference
প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতিৰ সংবাদমেল

গুৱাহাটী, ৯ জুন : ‘‘বিজেপি দলৰ ডি এন এত(DNA) হিটলাৰী ফেচিবাদ আৰম্ভণিৰ পৰাই আছে । এতিয়া লাহে লাহে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কথা-বতৰা আৰু ব্যৱহাৰত দলীয় DNAৰ একনায়কত্ববাদী আৰু ফেচিবাদ প্ৰতিফলিত হ'বলৈ ধৰিছে ।’’ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Himanta Biswa Sarma) এইদৰে কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা (Ripun Bora) আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Debabrat Saikia) ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । সংবাদমেলত ৰিপুন বৰাই কয় যে, ‘‘বিৰোধী দলৰ কোনো কাম নাই বুলি কোৱা কথাৰ দ্বাৰা মুখ্যমন্ত্রীৰ একনায়কত্ববাদী চিন্তাধাৰাৰ প্ৰতিফলন ঘটিছে । তদুপৰি তেওঁ বিধায়কসকলৰ আইন প্ৰণয়ন কৰাৰ বাহিৰে আন কোনো কাম নাই বুলি কৈছে । এনেবোৰ কথাৰ দ্বাৰা তেওঁ গণতন্ত্ৰক ভেঙুচালি কৰাই নহয় দেশৰ সংবিধানকো অপমান কৰিছে ।’’

সংবিধানত বিধায়কৰ দায়িত্ব-কৰ্তব্য স্পষ্টকৈ উল্লেখ থকাৰ পাছতো তেওঁ এনেদৰে গাৰ জোৰেৰে মন্তব্য কৰাটো ফেচিবাদী চিন্তাধাৰাৰ বাহিৰে আন একো নহয় বুলি সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

ৰিপুন বৰাই লগতে কয়,‘‘তেওঁৰ মতেই সকলো চলিব লাগিব বুলি একপ্ৰকাৰ তেওঁ ক'ব বিচাৰিছে । হিটলাৰ, মুছলিনীৰ দৰে ফেচিবাদী নেতাৰ DNA নাথাকিলে কেতিয়াও এজন ব্যক্তিয়ে এনে মন্তব্য কৰিব নোৱাৰে । কোনো বিষয়া-কৰ্মচাৰীয়ে বিধায়কৰ কথ‍া শুনিবলৈ বাধ্য নহয় বুলি মুখ্যমন্ত্রীয়ে ৰাজহুৱা সভাত কৰা মন্তব্য গণতন্ত্ৰৰ বাবে বিপদজনক ।’’ ৰিপুন বৰাই লগতে কয় যে, কোনো অপৰাধী আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰিলে গুলীয়াই দিয়াটো এটা পেটাৰ্ণ বুলি মুখ্যমন্ত্রীয়ে কৰা মন্তব্যই ভৱিষ্যতৰ বাবে এক ভয়াৱহ ইংগিত বহন কৰিছে ।

মুখ্যমন্ত্রীৰ এনে মন্তব্যই মানৱ অধিকাৰ নিঃশেষ কৰাৰ লগতে চাৰিওফালে এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে । যেতিয়াই কোনো ক্ষমতাশালী লোক একনায়কত্ববাদী চিন্তাধাৰাৰে পৰিচালিত হয় তেতিয়াই সেই লোকজনে নিজৰ অহংকাৰ আৰু নিৰ্দেশ প্ৰতিপন্ন কৰিবৰ বাবে গাৰ জোৰেৰে ইতিহাস বিকৃত কৰাৰ চেষ্টা কৰে ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাও ইয়াৰ ব্যতিক্ৰম নহয় বুলি অভিযোগ কৰে ৰিপুন বৰাই । অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰা আৰু অসমীয়া ভাষাক (Assamese Language) কলকাতা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্রত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে (Syama Prasad Mukherjee) বিশেষ ভূমিকা পালন কৰা বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰিছে ।

মুখ্যমন্ত্রীয়ে কেৱল ইতিহাস বিকৃত কৰাই নহয় অসমৰ জনগণক, অসমৰ স্বাভিমানক চৰম অপমান কৰিছে আৰু কোনো বুৰঞ্জীতে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে গ্ৰুপিঙৰ সময়ত গোপীনাথ বৰদলৈক সহায় কৰাৰ কথা দূৰৈৰে অসমৰ হৈ মাত মতাৰ কথা উল্লেখ নাই বুলিও কয় ৰিপুন বৰাই । সংবাদমেলত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে, ‘‘চৰকাৰী বহু বিভাগে বুজন পৰিমানৰ বিদ্যুৎ মাছুল দিবলৈ বাকী আছে । এই কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে চৰকাৰে বিজ্ঞাপন যোগে ৰাজসাহায্য দিয়াৰ কথা সদৰি কৰিছে । ৰাজসাহায্যৰ লগত মাছুলৰ কথাটো নাহে। বিদ্যুৎ ক্ৰয়ৰ বাবে ৰাজসাহায্য দিয়া হৈছে ।’’

দেবব্ৰত শইকীয়াৰ আৰু কয় যে, ‘‘চৰকাৰী বিভাগৰ বিদ্যুৎ মাছুল দিয়াৰ লগত ইয়াৰ কোনো কথা নাই । চৰকাৰে বিভ্ৰান্তিকৰ কথা কৈছে । আনহাতে চৰকাৰে বিদ্যুৎ মাছুল নিদিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা নিদিয়াৰ কথা কৈছে । ই আইন বিৰোধী কথা আৰু ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাটো ভাল নহয় বাবে চৰকাৰে এনেধৰণৰ আইনত নথকা কাম কৰিছে ৷’’

ইফালে কৰ'ণাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজত চৰকাৰখনে মূল্যবৃদ্ধি (Price hike) নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্রত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলিও চৰকাৰক সমালোচনা কৰে বিৰোধী দলপতি গৰাকীয়ে ।

লগতে পঢ়ক :চৈতন্যৰ তুলিকাত প্ৰাণ পাইছে দেশৰ বহু মহীৰূহই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.