ETV Bharat / state

মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মুকুল ৱাছনিক - নেচনেল মানিটাইজেচন পাইপলাইন

গুৱাহাটীত সংবাদমেল সম্বোধন কৰি মোডী চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী মুকুল ৱাছনিকৰ । নেতাগৰাকীৰ অভিযোগ চাৰি বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ (নেচনেল মানিটাইজেচন পাইপলাইন, চমুকৈ এন এম পি) যোগেদি মোডী চৰকাৰে ছয় লাখ কোটি টকা আহৰণৰ ষড়যন্ত্র কৰিছে ।

Mukul Wasnik
মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মুকুল ৱাছনিক
author img

By

Published : Sep 2, 2021, 11:19 AM IST

গুৱাহাটী,২ ছেপ্তেম্বৰ: নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ ৬০ লাখ কোটি টকাৰ সম্পদ ৬ লাখ কোটি টকা দৰত নিজৰ মুষ্টিমেয় বন্ধু পুঁজিপতিৰ হাতত অৰ্পণৰ গভীৰ ষড়যন্ত্র কৰিছে । ইয়াৰ বাবে ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনা (নেচনেল মানিটাইজেচন পাইপলাইন, চমুকৈ এন এম পি) আঁচনিখন ঘোষণা কৰিছে । এই অভিযোগ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী মুকুল ৱাছনিকৰ ।

বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মুকুল ৱাছনিকে মোডী চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ (NMP) বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কয়- বিমুদ্ৰাকৰণৰ যোগেদি মোডী চৰকাৰে দেশৰ জনগণক বিপদৰ মুখলৈ ঠেলি দিয়াৰ লগতে দেশৰ অৰ্থনীতিৰ ভেঁটি বিধ্বস্ত কৰিলে ।

Mukul Wasnik
মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মুকুল ৱাছনিক

এতিয়া ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ (নেচনেল মানিটাইজেচন পাইপলাইন ) যোগেদি দেশৰ সম্পদ ব্যক্তিগত খণ্ডক গটাই দি ৬ লাখ কোটি টকা আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই আঁচনি মোডী চৰকাৰে গোপনে গ্ৰহণ কৰিছে । দেশৰ সম্পদ নিজৰ মিত্রক দিব বিচাৰিছে ।

তেওঁ বিজেপি চৰকাৰক উভতি ধৰি কয় যে ভাৰত চৰকাৰ দেশৰ সম্পদৰ মালিক নহয় । সম্পদৰ ওপৰত দেশৰ জনতাৰ অধিকাৰ আছে । দেশৰ জনতাৰ সম্পদ মোডী চৰকাৰে পানীৰ দৰত কেইজনমান পুঁজিপতিক দিয়াৰ ষড়যন্ত্র কৰিছে । ইয়াৰ দ্বাৰা মূল্য বৃদ্ধি বৰ্তমানতকৈ দহ গুণ বৃদ্ধি পাব বুলি অভিযোগ তোলে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ।

সংবাদমেলত তেওঁ কয় যে কংগ্ৰেছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাব । মহাজোঁটৰ পৰা AIUDF ক বাদ দিয়াৰ সন্দৰ্ভত ৱাছনিকে কয়- পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাযোঁট কৰা হৈছিল । এতিয়া পৰিস্থিতি সলনি হৈছে । প্ৰদেশ কংগ্ৰেছে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল দিল্লীলৈ যাব আৰু তাত দলৰ শীৰ্ষ নেতৃত্বৰে আলোচনা কৰি সবিশেষ জনাব বুলিও তেওঁ উল্লেখ কৰে ।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু কমলাক্ষ্য দে’ পুৰকায়স্থ, বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি কেইবাজনো দলৰ শীৰ্ষ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : NHPC ৰ পৰা কি ক’লে শংকৰজ্য়োতি বৰুৱাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.