গুৱাহাটী, ১৪ মে'ঃ " প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজৰ পৰা দেশৰ খাটি খোৱা শ্ৰেণী নহয়, ধনীক শ্ৰেণীহে উপকৃত হ'ব । "এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
বৃহস্পতিবাৰে দিল্লীৰ পৰা প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত বৰদলৈয়ে কয় যে ,"ভাৰতৰ অৰ্থ ব্যৱস্থা এটা ত্ৰিভূজৰ দৰে । য'ত একেবাৰে ওপৰত থাকে আদানী, আম্বানীৰ দৰে লোকসকল আৰু একেবাৰে তলত থাকে খাটি খোৱা শ্ৰেণীটো । এই শ্ৰেণীৰ প্ৰায় ১৩ কেটি পৰিয়াল দেশত আছে । যিসকল এতিয়া ককবকাই আছে । প্ৰধানমন্ত্ৰীৰ ২০ লাখ কোটিৰ পেকেজে এই ১৩ কোটি পৰিয়ালক পোনপটীয়াকৈ কোনো সহায় নকৰে । তাৰ পৰিৱৰ্তে এই ১৩ কোটি পৰিয়ালৰ একাউন্টত ৭,৫০০ মানকৈ টকা দিয়া হ'লেও তেওঁলোক উপকৃত হ'লহেতেন " বুলি বৰদলৈয়ে মন্তব্য কৰে ।
আনহাতে, অসমৰ পৰা গৈ দেশৰ বিভিন্ন ৰাজ্যত কাম কৰি থকা শ্ৰমিকৰ সংখ্যা প্ৰায় ১০ লাখ হ'ব বুলি ৰাজ্যৰ বিত্ত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে । সাংসদ বৰদলৈয়ে কয় যে এইসকল শ্ৰমিকে গড়ে যদি তিনি হেজাৰ টকাকৈও অসমত থকা পৰিয়ালসমূহলৈ প্ৰতি মাহে পঠিয়াই বুলি ধৰা হয় তেন্তে অসমৰ অৰ্থনীতিত তেওঁলোকে তিনিশ কোটি টকাৰ অৱদান আগবঢ়াই আহিছে । গতিকে এতিয়া চৰকাৰে তেওঁলোকক প্ৰতিদান দিয়াৰ সময় বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে এইসকল প্ৰব্ৰজিত শ্ৰমিকক উপেক্ষা নকৰিবলৈ চৰকাৰক আহ্বান জনায় ।