গুৱাহাটী, 31 জুলাই : বিগত দিনকেইটাত বিজেপি নেতা, মন্ত্ৰীয়ে ঘৃণাসূচক মন্তব্যৰে অসমৰ পৰিৱেশ অশান্ত কৰি তোলাৰ অভিযোগ তুলিছে অসম প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগে ৷ এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ ফালৰ পৰা এখন সংবাদমেল সম্বোধন কৰা হয় ৷
সংবাদমেলখন সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষ মনোজ ভাগৱতীয়ে বিজেপিক কটু সমালোচনা কৰি কয় যে, বিজেপিৰ ৰাজনৈতিক দলৰ নেতা মন্ত্ৰীসকলে ঘৃণাসূচক মন্তব্য (hate speech)যেনে: মিঞা, আহোম শব্দ, উজনি অসম আৰু নামনি অসম শব্দ ব্যৱহাৰ কৰি অসমৰ পৰিৱেশ অশান্ত কৰি আছে ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে দায়িত্ব লোৱা নাই ৷
ইয়াৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা মঙলদৈৰ মাৰণাস্ত্ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সন্দৰ্ভত সংবাদমেলখনত কয়, "মঙলদৈৰ প্ৰশিক্ষণ কাৰ্যসূচী বেআইনী কাৰ্যকলাপৰ ভিতৰত পৰে ৷ কোনো সাধাৰণ মানুহে মাৰণাস্ত্ৰ লৈ এইদৰে অনুশীলন কৰিব নোৱাৰে ৷ এই অনুশীলনৰ ফটো, ভিডিঅ’ পৰ্যন্ত প্ৰচাৰ হৈছে ৷ গতিকে সেইসকলক চিনাক্ত কৰিবলৈ অতি সহজ ৷ অতি সোনকালে সেইসকলক আৰক্ষী প্ৰশাসনে আইনৰ গণ্ডীৰ ভিতৰত আনিব লাগে ৷ এই ঘটনাৰ কথা এতিয়ালৈ আৰক্ষী প্ৰশাসনে গম নোপোৱাকৈ থকা নাই, কিন্তু আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কিয় পদক্ষেপ গ্ৰহণ কৰা নাই ৷ এই ঘটনাই শংকাৰ সৃষ্টি কৰিছে, মাৰণাস্ত্ৰ হাতত লোৱাই বেআইনী ৷ এনেকুৱা ঘটনাই শংকিত বাতাবৰণ সৃষ্টি কৰিছে ৷ এই ঘটনা কেৱল মঙলদৈতে নহয়, অনাগত সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত যে নঘটিব তাৰ মানে নাই ৷"
লগতে সংবাদমেলখনত উল্লেখ কৰে যে, বিগত দিনকেইটাত আলফা(স্বাধীন)ৰ নামত একাংশ অসাধু চক্ৰই ধন দাবী কৰা আৰম্ভ কৰিছে ৷ এই সন্দৰ্ভত আমি সাধাৰণ মানুহেই গম পাইছো যিহেতু আৰক্ষী প্ৰশাসনে নজনাকৈ থকা নাই ৷ গতিকে আমাৰ প্ৰশ্ন হৈছে যে, সেইসমূহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱা নাই কিয় ?
লগতে পঢ়ক: Training in pistol riding: মঙলদৈত বজৰং দলৰ কৰ্মীক বন্দুক চালনাৰ চাৰিদিনীয়া প্ৰশিক্ষণ