ETV Bharat / state

ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান - বিধানসভা নিৰ্বাচন

পিতৃৰ পদাংক অনুসৰণ কৰি বিধানসভা নিৰ্বাচনত যুঁজ দিবলৈ ওলাইছে এঘাৰজনকৈ জ্যেষ্ঠ কংগ্ৰেছ ৰাজনীতিকৰ সতি-সন্ততিয়ে ।

১১ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সন্তান
১১ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সন্তান
author img

By

Published : Feb 10, 2021, 8:50 PM IST

Updated : Feb 10, 2021, 9:42 PM IST

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত যুঁজ দিবলৈ ওলাইছে এঘাৰজনকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ, বিধায়কৰ পুত্ৰ-কন্যাই । স্বাভাৱিকতে ভিন-ভিন সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি এই এঘাৰজনকৈ জ্যেষ্ঠ ৰাজনীতিকৰ সতি-সন্ততিয়ে আবেদনো জনাইছে । "ৰাজীৱ ভৱন"ৰ এক সূত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ।

সূত্ৰ অনুসৰি, প্ৰাক্তন মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে প্ৰাৰ্থিত্ব বিচাৰিছে বৰক্ষেত্ৰী সমষ্টিৰ পৰা ।

১১ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সন্তান
দিগন্ত বৰ্মন

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে মৰাণ সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন জনাইছে ।

১১ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সন্তান
প্ৰাঞ্জল ঘাটোৱাৰ

একেদৰে সোণাৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটৰ দাবীদাৰ হৈ থিয় দিছে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে ।

১১ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সন্তান
অনুজ বৰকটকী

প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তৰ মন পিতৃৰ সমষ্টি আমগুৰিৰ পৰা নিৰ্বাচন খেলিবলৈ । সেয়ে তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে আমগুৰিৰ পৰা ।

অংকিতা দত্ত
অংকিতা দত্ত

প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰৰো মন ৰাজনীতিলৈ অহাৰ । সেয়েহে তেওঁ সমষ্টি বাচি লৈছে লাহোৱাল । লাহোৱালৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে মনোজ ধানোৱাৰে আবেদন জনাইছে ।

১১ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সন্তান
মনোজ ধনোৱাৰ

পিতৃৰ খোজত খোজ মিলাই ৰাজনীতিত প্ৰবেশ কৰিব খুজিছে প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্দ্ধেন্দু দে'ৰ পুত্ৰ অনিৰুদ্ধ দে'ই । তেওঁ টিকট বিচাৰিছে হোজাই সমষ্টিৰ পৰা ।

আনহাতে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ পংকজ বৰাৰ পুত্ৰ শান্তনু বৰাও আহিব খুজিছে ৰাজনীতিৰ পথাৰখনলৈ । পূৱ গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হ'ব খোজে শান্তনু বৰা ।

ঠিক তেনেদৰে আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰাই হাজো সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে ।

১১ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সন্তান
মানস বৰা

প্ৰাক্তন মন্ত্ৰী প্ৰয়াত চন্দন সৰকাৰৰ পুত্ৰ প্ৰদীপ সৰকাৰৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ ইচ্ছা । সেয়েহে তেওঁ সেই সমষ্টিটোৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে ।

১১ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সন্তান
প্ৰদীপ সৰকাৰ

আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী গগৈয়ে টিয়ক সমষ্টিৰ পৰা ভোট যুদ্ধত অৱতীৰ্ণ হোৱাৰ মন মেলি টিকটৰ বাবে আবেদন জনাইছে । ইপিনে সদ্যপ্ৰয়াত বিধায়ক জামালুদ্দিন আহমেদৰ পুত্ৰ জাকাৰিয়া আহমেদে পিতৃৰ সমষ্টি বদৰপুৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে ।

লগতে পঢ়ক: দোৰপাং নৈত শিল আৰু বালিৰ অবৈধ খনন

Last Updated : Feb 10, 2021, 9:42 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.