ETV Bharat / state

Rajya Sabha Election 2022 : মনোনয়ন দাখিল কৰি জয় লাভৰ দাবী ৰিপুণ বৰাৰ - ৰাজ্যসভাৰ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰা

ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha Election 2022) ৰ মনোনয়ন দাখিলৰ সোমবাৰে অন্তিম দিন ৷ দলে-বলে মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাই (Ripun Bora files Nomination for Rajya Sabha election) ৷

Ripun Bora files Nomination for Rajya Sabha election
মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাৰ
author img

By

Published : Mar 21, 2022, 11:17 AM IST

Updated : Mar 21, 2022, 2:19 PM IST

গুৱাহাটী, 21 মাৰ্চ: 31 মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha Election 2022) ৷ ইতিমধ্যে এই নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে শাসক-বিৰোধীয়ে ৷ ৰাজ্যসভাৰ দুখনকৈ আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ নাম ঘোষণা কৰাৰ পিছত কংগ্ৰেছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল জ্যেষ্ঠ নেতা ৰিপুণ বৰাক ৷

উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সোমবাৰে অন্তিমটো দিন ৷ সেয়েহে সোমবাৰে পুৱাই সদলবলে ৰাজ্য চৰকাৰৰ প্ৰধান সচিব হেমেন দাসৰ ওচৰত মনোনয়ন দাখিল (Ripun Bora files Nomination for Rajya Sabha election) কৰিলে বিৰোধী প্ৰাৰ্থীগৰাকীয়ে ৷

মনোনয়ন দাখিলৰ সময়ত ৰিপুণ বৰাক সংগ প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, CPI(M) ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, AIUDF ৰ বিধায়ক আমিনুল ইছলাম, আশ্ৰাফুল হুছেইনকে ধৰি বহুকেইগৰাকী বিৰোধী বিধায়কে ৷ মনোনয়ন দাখিল কৰাৰ পিছত কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাই এই নিৰ্বাচনত জয় লাভ কৰিব বুলি একপ্ৰকাৰ দাবী কৰে ৷

ৰিপুণ বৰাৰ মনোনয়ন দাখিল

মনোনয়ন দাখিলৰ সময়ত নিলম্বিত বিধায়ক শ্বেৰমান আলীও ৰিপুণ বৰাৰ লগত উপস্থিত থাকে । আনহাতে, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা উপস্থিত নাথাকিব বুলি চৰ্চা চলিছিল যদিও, তেওঁ বৰাৰ সৈতে উপস্থিত থাকে। মনোনয়ন দাখিলৰ সময়ত একপ্ৰকাৰ বিৰোধীৰ ঐক্য দেখা পোৱা যায় ।

পিছে ৰিপুণ বৰাৰ সৈতে এই কাৰ্যসূচীত উপস্থিত নাথাকিল ৰহাৰ নিলম্বিত বিধায়ক শশীকান্ত দাস । ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাই মনোনয়ন দাখিলৰ অন্তত সাংবাদিকৰ আগত কয় - "আমাৰ জয় নিশ্চিত । জয়ৰ বাবে আমাৰ প্ৰয়োজনীয় 43 খন আসন আছে । ভোটদানত আমাৰ বিৰোধীৰ সকলো বিধায়কে অংশগ্ৰহণ কৰিব" ।

ইপিনে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় - "আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত চাৰিওটা বিৰোধী ৰাজনৈতিক দল ক্ৰমে কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআইএমৰ বিধায়কসকল উপস্থিত আছিল । আমাৰ জয়ৰ বাবে প্ৰয়োজনীয় বিধায়কৰ ভোট আছে" ৷ তেওঁ কয়- মুখ্যমন্ত্ৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যি ধৰণৰ অগণতান্ত্ৰিক মন্তব্য কৰিছে, তাৰ বিৰুদ্ধে বিৰোধী দলে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক অভিযোগ দিছে ।

লগতে চাওক: উপযুক্ত স্বাস্থ্য সেৱাৰ অভাৱত যমৰ যাতনা ভুগিছে বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসীয়ে

Last Updated : Mar 21, 2022, 2:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.