ETV Bharat / state

Manjit Mahanta Funeral : নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন মনজিৎ মহন্তৰ

author img

By

Published : Jul 10, 2023, 4:06 PM IST

দলীয় নেতা-কৰ্মী আৰু গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় মনজিৎ মহন্তৰ । তাৰ পূৰ্বে ৰাজীৱ ভৱন, অসমীয়া প্ৰতিদিন আৰু গুৱাহাটী প্ৰেছ ক্লাবত তেওঁক অন্তিম শ্ৰদ্ধা জনোৱা হয় ।

Manjit Mahanta Funeral
Manjit Mahanta Funeral
মনজিৎ মহন্তৰ দেহাৱসান

গুৱাহাটী, ১০ জুলাই : সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ পিছত সোমবাৰে ইহলীলা সম্বৰণ কৰে কংগ্ৰেছৰ নিষ্ঠাৱানকৰ্মী তথা বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই । সোমবাৰে পুৱতি নিশা ২ বজাত জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহন্তৰ । তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে সংবাদ ক্ষেত্ৰখনতো শোকৰ ছাঁ পৰিছে । তেওঁৰ নশ্বৰ দেহ জিএমচিএইচৰ পৰা নিজৰ বাসগৃহলৈ লৈ যোৱা হয় । তাত তেওঁৰ পৰিয়ালবৰ্গই শেষ শ্ৰদ্ধা জনায় । তাৰ পিছত ৰাজীৱ ভৱনলৈ লৈ যোৱা হয় ।

ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা-কৰ্মীসকলে শ্ৰদ্ধাজ্ঞলি জনোৱাৰ পিছত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়লৈ নিয়া হয় । তাৰ পিছত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক তথা সংবাদকৰ্মীসকলে অন্তিম বিদায় জনায় । তাৰ পৰা তেওঁৰ নশ্বৰ দেহ পোনে পোনে নৱগ্ৰহ শ্মশানলৈ নিয়া হয় আৰু তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় । উল্লেখ্য যে এসময়ৰ অসম আন্দোলনৰ পৰা মানৱ অধিকাৰ আন্দোলনলৈকে জড়িত থকা মনজিৎ মহন্ত অসমীয়া প্ৰতিদিনৰ জন্মলগ্নৰে পৰা জড়িত হৈ আছিল ।

মনজিৎ মহন্তই ১৯৯৯ চনৰ পৰা প্ৰায় এক দশককাল অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল । আনহাতে, অধুনালুপ্ত আজিৰ বাতৰি কাকতৰো তেওঁ কাৰ্যবাহী সম্পাদক আছিল । লগতে কেইবাটাও বৈদ্যুতিন মাধ্যমৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল । শেহতীয়াভাৱে তেওঁ আনুষ্ঠানিক সাংবাদিকতা ত্যাগ কৰি ৰাজনৈতিক পথাৰত খোজ পেলায় । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলত যোগদান কৰে । মৃত্যুৰ সময়লৈকে তেওঁ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ দিছপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । অৱশ্যে তেওঁ বিজেপিৰ অতুল বৰাৰ হাতত পৰাস্ত হয় ।

উল্লেখ্য যে ২৭ জুনৰ পুৱা হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত গুৰুতৰ অৱস্থাত ভৰ্তি কৰোৱা হয় ৷ হাস্পতালখনৰ আইচিইউত কৃত্ৰিম জীয়নদায়িনী ব্যৱস্থাৰে চিকিৎসা চলাই থকা হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ । পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় ৷ অৱশেষত সোমবাৰে পুৱতি নিশা ২ বজাত নিয়তিৰ ওচৰত হাৰ মানে এইগৰাকী জাতীয়তাবাদী নেতা, জ্যেষ্ঠ সাংবাদিক তথা ৰাজনীতিকে ৷

লগতে পঢ়ক :Congress leader Manajit Mahanta demise: বিশিষ্ট সাংবাদিক তথা ৰাজনীতিক মনজিৎ মহন্তৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.