গুৱাহাটী, 18 মাৰ্চঃ কৰ'ণা ভাইৰাছকলৈ যুদ্ধংদেহি অভিযান বিজেপি চৰকাৰৰ মন্ত্ৰী আমোলাৰ । একে ঠাইতে জনসমাগম নকৰিবৰ বাবে-বাৰে বাৰে আহ্বান জনাই আহিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পিয়ুজ হাজৰিকাৰ লগতে চৰকাৰী পক্ষই । আনকি 'কা' বিৰোধী আন্দোলনো স্থগিত ৰাখিছে আছু তথা বিভিন্ন দল সংগঠনে ।
কিন্তু এক সম্পূৰ্ণ বিপৰীত ছবি দেখা গ'ল হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত । বুধবাৰে বিজেপিৰ এক যোগদান অনুস্থানত মাজুলীৰ পৰা অহা এটা কংগ্ৰেছ কৰ্মীৰ দলে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । য'ত প্ৰায় 250 বৰ্গ ফুটৰ এটা কোঠালীত সংবাদকৰ্মী সহ প্ৰায় 100 ৰো অধিক লোকৰ সমাগম হয় । এনে পৰিস্থিতিত কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলগীয়া কোনো ধৰণৰ সতৰ্কতা লোৱা পৰিলক্ষিত ন'হল । আনকি হেণ্ড ছেনিটাইজাৰ তথা মাক্স পৰিধান কৰাৰো ব্যৱস্থা কৰা নহল অনুষ্ঠানটোত । এতিয়া প্ৰশ্ন হয় যি সময়ত চৰকাৰে কৰ'ণা ভাইৰাছক লৈ সতৰ্কতাৰ আহ্বান জনাই আহিছে সেই সময়ত বিজেপিৰ এনে অসতৰ্কতামূলক আয়োজনে তেওঁ লোকৰ দায়িত্বজ্ঞান হীনতা প্ৰকাশ কৰিছে ।
এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয়, "কিছুমান পৰিস্থিতিত আমি কিছুমান বস্তু এৰি চলিব নোৱাৰাৰ বাবে আমি কৰিবলগীয়াত পৰে কিন্তু তথাপিও আমি সভা খন অনুস্থিত কৰাৰ আগতে ইয়াত পৰ্যাপ্ত হেণ্ড চেনিটাইজাৰ ব্যৱস্থা কৰিছো । সকলোৱে সভা খনত যোগদান কৰাৰ আগতে হাত ধুই আহিছে ।"