ETV Bharat / state

সমুখত নিৰ্বাচন:আৰ্থিক সংকটত কংগ্ৰেছ - ডিজাইন বক্স

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এটা নতুন সংকট আহিছে প্ৰদেশ কংগ্ৰেছৰ সন্মুখত । নিৰ্বাচনী কাৰ্যসূচী ৰূপায়ণৰ বাবে পৰ্যাপ্ত টকা নাই অসম প্ৰদেশ কংগ্ৰেছৰ ! যাৰ বাবে বিমোৰত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ।

সমুখত নিৰ্বাচন : আৰ্থিক সংকটত কংগ্ৰেছ
সমুখত নিৰ্বাচন : আৰ্থিক সংকটত কংগ্ৰেছ
author img

By

Published : Feb 24, 2021, 8:23 PM IST

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: সমুখত নিৰ্বাচন । শাসকীয় বিজেপি দলে ৰাজ্যত যেন টকাৰ ঢলহে নমাইছে ! এনে সময়ত কিন্তু একমাত্ৰ "অসম বচাও আহক" শীৰ্ষক এলানি কাৰ্যসূচী হাতত লৈয়ে ক্ষান্ত থাকিবলগীয়া হৈছে বিৰোধী দল কংগ্ৰেছে । দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব বা হাইকমাণ্ডে অসমত নিৰ্বাচনী কৌশল প্ৰস্তুত কৰিবলৈ ইতিমধ্যে কেইবা কোটি টকাৰ বিনিময়ত নিয়োগ কৰিছে "ডিজাইন বক্স" নামৰ পঞ্জাৱৰ এটা ব্যক্তিগত এজেঞ্চীক । এই এজেঞ্চীয়ে যি মতে কৌশল প্ৰস্তুত কৰি দিছে সেই মতেই অসমত আগুৱাইছে কংগ্ৰেছ দল । গুৰুত্বপূৰ্ণ কথাটো হ'ল উক্ত এজেঞ্চীটোৰ সৈতে দৰদাম কৰাৰ পৰা আৰম্ভ কৰি ধন পৰিশোধ কৰালৈকে সকলো দায়িত্ব হাইকমাণ্ডে নিজৰ হাততে ৰাখিছে । ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছে নিজাকৈ কোনো ব্যয়বহুল নিৰ্বাচনী কাৰ্যসূচী হাতত ল'ব পৰা নাই ।

সমুখত নিৰ্বাচন : আৰ্থিক সংকটত কংগ্ৰেছ
সমুখত নিৰ্বাচন : আৰ্থিক সংকটত কংগ্ৰেছ

প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে একমাত্ৰ আৰ্থিক নাটনিৰ বাবেই দলে নিজাকৈ কোনো সাংঘাতিক ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব পৰা নাই । সূত্ৰটোৱে সদৰি কৰা মতে ইতিমধ্যে নিৰ্বাচনৰ বাবে পুঁজি বিচাৰি দলৰ সভাপতি ৰিপুণ বৰাই একাধিকবাৰ হাইকমাণ্ডক যোগাযোগ কৰিছে যদিও দলীয় নেতৃত্বই পুঁজি যোগান ধৰাৰ পৰিৱৰ্তে নিজাকৈ পুঁজিৰ ব্যৱস্থা কৰি ল'বলৈহে কৈছে প্ৰদেশ কংগ্ৰেছক । যাৰ বাবে এতিয়া বাৰুকৈয়ে প্ৰদেশ কংগ্ৰেছ বিমোৰত পৰিছে ।

মনকৰিবলগীয়া যে সম্প্ৰতি কেৱল ৰাজস্থান, পঞ্জাৱ আৰু ছত্তিশগড়তহে কংগ্ৰেছৰ চৰকাৰ আছে । আনহাতে, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত চলি আছে কংগ্ৰেছৰ মিত্ৰদলৰ চৰকাৰ । তেনেক্ষেত্ৰত এইকেইখন ৰাজ্যই অসমত নিৰ্বাচনী পুঁজিৰ ব্যৱস্থা কৰি দিয়াত কেনে ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব ।

লগতে পঢ়ক:আলফাই ভুলবশতঃ অপহৰণ কৰা সঞ্জয়ে দিলে পণবন্দীৰ বৰ্ণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.