ETV Bharat / state

Congress Candidate Joins BJP : জিকিছিল মাত্ৰ দুজন, তাৰে এজনক বিজেপিয়ে কৰিলে আকৰ্ষণ

author img

By

Published : Nov 15, 2022, 8:54 PM IST

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা জয়ী হৈছিল মাত্ৰ দুজন প্ৰাৰ্থী ৷ তাৰে এজনে সোমবাৰে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ ত্যাগ কৰি শাসকীয় দলত যোগদান কৰিলে (Congress Candidate Joins BJP)৷

Congress Candidate Joins BJP
জিকিছিল মাত্ৰ দুজন, তাৰে এজনক বিজেপিয়ে আকৰ্ষিত কৰিলে

গুৱাহাটী, 15 নৱেম্বৰ : দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত জয়লাভ কৰা কংগ্ৰেছৰ কেশৱ দেউৰীয়ে যোগদান কৰিলে বিজেপিত(Congress Candidate Joins BJP)৷ অসমৰ নিৰ্বাচনী ৰাজনীতিত ভেটি হেৰুৱাৰ উপক্ৰম হোৱা কংগ্ৰেছ দলৰ প্ৰতি আন এক মোক্ষম আঘাত ।

শেহতীয়াকৈ ঘোষিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত(DAC election 2022) কংগ্ৰেছ দলে ২২ খনৰ ভিতৰত মাত্ৰ ২ খন আসনতে সীমাবদ্ধ থকাৰ পিছত এগৰাকী কংগ্ৰেছৰ নিৰ্বাচিত প্ৰাৰ্থীয়ে বিজেপি দলত যোগদান কৰাক লৈ ভৱিষ্যতে কংগ্ৰেছৰ অসমত নিৰ্বাচনী ৰাজনীতিলৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে ।

মঙলবাৰে গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়ত(Assam BJP office) অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত জয় লাভ কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেশৱ দেউৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । বিজেপি দলত যোগদান কৰি কেশৱ দেউৰীয়ে কয় যে বিজেপি দলৰ নীতি-আদৰ্শৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বলিষ্ঠ কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ বিজেপি দলত যোগদান কৰিছে ।

উল্লেখ্য যে, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত যোৰহাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেশৱ দেউৰী বিজয়ী হৈছিল । কেশৱ দেউৰীয়ে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেডী দেউৰীক পৰাজিত কৰিছিল । ভোট গণনাৰ অন্তৰ কেশৱ দেউৰীয়ে ৯১৮টা ভোট লাভ কৰাৰ বিপৰীতে কেনেডী দেউৰীয়ে ৭৮৫টা ভোট পাবলৈ সক্ষম হৈছিল ।

ইফালে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ভোট গণনাত বিজেপি-অগপ মিত্ৰজোঁটে 12 খন আসন লাভ কৰি পৰিষদ দখল কৰিছিল ৷ ২২ খন আসনৰ বাবে ৮ নৱেম্বৰত অনুষ্ঠিত ভোটদানত বিজেপিয়ে ১১ টা পৰিষদীয় সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ মিত্ৰদল অগপই এটা, কংগ্ৰেছ দলে দুটা আৰু জিমচিয়া পিপল্‌ছ পাৰ্টীয়ে (Jimosaya Deori Peoples Party) ৮ টা পৰিষদীয় সমষ্টিত জয়লাভ কৰিছিল৷

উল্লেখ্য, কংগ্ৰেছ দলে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ মুখ দেখে৷ আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(APCC president Bhupen Borah) গৃহ সমষ্টি বিহপুৰীয়াত দলে এখনো আসন লাভ নকৰিলে৷ দলৰ এই শোচনীয় পৰাজয়ত আক্ষেপ প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছিল- ‘‘কংগ্ৰেছে কিছু সংশোধন কৰিব লাগিব৷ কংগ্ৰেছৰ কিছু ভুল আছে’’৷

সম্ভৱতঃ এইসমূহ ভুলৰ বাবেই দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত জয় লাভ কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেশৱ দেউৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা বুলি চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক : Jihadi Education in Madrasa: কাছাৰত জেহাদী শিক্ষাৰ অভিযোগত মাদ্ৰাছাৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.