গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ সকলো যদি ঠিকে ঠাকে থাকে তেন্তে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসম জাতীয় পৰিষদৰ প্ৰথমখন অধিবেশনৰ পূৰ্বেই নৱগঠিত অসম জাতীয় পৰিষদৰ দলটোত অগপৰ দুজনকৈ জ্যেষ্ঠ নেতা তথা বিধায়ক আৰু কংগ্ৰেছৰ এজন বহু বিতৰ্কিত নেতাই যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ উঠিছে ।
এ জে পিৰ এক শীৰ্ষ সুত্ৰই ই টিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰিছে । অৱশ্যে এই বিষয়ত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা সদৰি কৰিব খোজা নাই দলটোৰ নেতৃত্বই । কিন্তু ই টিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি ইতিমধ্যে তিনিওজন নেতাৰ যোগদানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।
তেজপুৰৰ বিধায়ক তথা অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, পাটাছাৰকুছিৰ বিধায়ক তথা জ্যেষ্ঠ অগপ নেতা পবীন্দ্ৰ ডেকা আৰু কংগ্ৰেছৰ নিলম্বিত নেতা তথা হাজো সমষ্টিৰ যুৱ নেতা দুলু আহমেদ । অসম জাতীয় পৰিষদলৈ এই তিনি নেতাৰ আগমন নিশ্চিত হৈ উঠিছে । সম্প্ৰতি এই তিনি নেতাৰ এজনেও এই বিষয়ে সদ্যহতে মুখ খুলিব খোজা নাই ।
লগতে পঢ়কঃ বৰপেটাত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত হাৰাশাস্তিৰ অভিযোগ