ETV Bharat / state

কোনেও হ'ব নিবিচাৰে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ! - কোনেও হ'ব নিবিচাৰে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী !

বিভিন্ন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰাৰ বাবে ৰাজীৱ ভৱনৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে প্ৰায় ১৯০ গৰাকীয়ে । কিন্তু ডঃ হিমন্তবিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰী পৰা প্ৰাৰ্থিত্ব কোনেও বিচৰা নাই ।

কোনেও হ'ব নিবিচাৰে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী !

author img

By

Published : Feb 6, 2021, 9:12 PM IST

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: সুদীৰ্ঘ পোন্ধৰ বছৰ একেৰাহে ৰাজ্যত শাসন চলোৱা কংগ্ৰেছ দলটোৰ এতিয়া দুৰ্দিন চলিছে । নিৰ্বাচনী দিন চমু চাপি অহাৰ লগে লগে এতিয়া কংগ্ৰেছৰ পুতৌ লগা স্থিতি প্ৰকট হ'বলৈ আৰম্ভ কৰিছে । কিয়নো প্ৰতিজন কংগ্ৰেছ শীৰ্ষ নেতাৰে আছে নিজা নিজা একোটা 'লবী'। আঙুলিৰ মুৰত লেখি শেষ কৰিব নোৱৰাকৈ ৰাজ্যৰ কংগ্ৰেছ দলত এতিয়া কেৱল "লবী"। ইয়াৰ মাজতে আকৌ বহুকেইজন জ্যেষ্ঠ নেতাই ইতিমধ্যে কংগ্ৰেছক বিদায় দি বিজেপিলৈ বাট পোনাইছে ।

ইফালে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এতিয়া আৰম্ভ হৈছে আগন্তুক নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱা প্ৰক্ৰিয়া । ইতিমধ্যে বিভিন্ন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰাৰ বাবে ৰাজীৱ ভৱনৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে প্ৰায় ১৯০ গৰাকীয়ে । এইসকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন বিধায়ক, জ্যেষ্ঠ নেতা, কনিষ্ঠ নেতা সকলো । ৰাজীৱ ভৱনৰ এক সূত্ৰই ই টিভি ভাৰতক জানিবলৈ দিছে এই কথা । প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১০ ফেব্ৰুৱাৰীলৈ ধৰি দিয়া হৈছে । কিন্তু সূত্ৰটোৱে প্ৰকাশ কৰা আমোদজনক কথাটো হ'ল বিভিন্ন সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰিবলৈ বিভিন্নজনে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে যদিও জালুকবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব কোনেও বিচৰা নাই । মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব পৰা নেতা কংগ্ৰেছত অভাৱ হোৱাটোহে মনকৰিবলগীয়া ।

বিগত ২০১৬ৰ বিধানসভা নিৰ্বাচনত জালুকবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল নীৰেন ডেকা । কিন্তু ইতিমধ্যে নীৰেন ডেকায়ো কংগ্ৰেছ ত্যাগ কৰিছে । ১৫ বছৰ শাসনৰ গাদীত বহা কংগ্ৰেছ দলটোৰ এনে দুৰ্দশা হ'ব বুলি হয়তো কোনেও কল্পনাও কৰা নাছিল । কিন্তু বাস্তৱিকতে আজি প্ৰমাণ হ'ল যে সঁচাকৈয়ে দুৰ্দিন চলিছে কংগ্ৰেছ দলৰ ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই ৰৰৈয়া বিমানবন্দৰত জব্দ হৈছিল সজীৱ গুলী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.