ETV Bharat / state

ৰাজ্যসভাৰ গণিত : বিজেপিয়ে এখন আসন এৰি দিব পাৰে ইউ পি পি এলক

দুই বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ ঐকমত্যত উপনীত নোহোৱাত এতিয়া অনিশ্চয়তাই দেখা দিছে (Confusion among opposition before Rajya sabha election) ৰাজ্যসভাত খালি হবলগীয়া দুখন আসনক লৈ । ইয়াৰ বিপৰীতে শাসকীয় পক্ষ অৰ্থাৎ বিজেপিয়ে দুয়োখন আসনেই নিজৰ হাতত ৰখাৰ অংক কৰিছে । পঢ়ো আহক আমাৰ বিশেষ প্ৰতিবেদন ৷

ৰাজ্যসভাৰ গণিত : বিজেপিয়ে এখন আসন এৰি দিব পাৰে ইউ পি পি এলক
author img

By

Published : Jan 31, 2022, 1:10 PM IST

গুৱাহাটী, ৩১ জানুৱাৰী : ৰাজ্যসভাত খালি হবলগীয়া দুখন আসনৰ ভিতৰত এখন সংখ্যাৰ ফালৰ পৰা বিৰোধীয়ে লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত আছিল যদিও দুই বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ঐকমত্যত উপনীত নোহোৱাত এতিয়া অনিশ্চয়তাই দেখা দিছে (Confusion among opposition before Rajya sabha election) । ইয়াৰ বিপৰীতে শাসকীয় পক্ষ অৰ্থাৎ বিজেপিয়ে দুয়োখন আসনেই নিজৰ হাতত ৰখাৰ অংক কৰিছে ।

ৰাজ্যিক বিজেপিৰ এক সুত্ৰই সদৰী কৰা মতে খালি হবলগীয়া দুখন আসনৰ ভিতৰত এখন নিজৰ হাতত ৰাখি আনখন মিত্ৰদল ইউ পি পি এলক এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে । একেদৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱেও (UPPL chief Promod Bodo) ৰাজ্যসভাৰ এখন আসনত এগৰাকী বড়ো প্ৰাৰ্থীক জয়ী কৰি পঠাব লাগে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ।

সেইমৰ্মে দ্বিতীয়খন আসনৰ বাবে বডো সম্প্ৰদায়ৰ প্ৰাৰ্থী গৰাকী কোন হব তাকে লৈও ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে । এইক্ষেত্ৰত সৰ্বাধিক চৰ্চালৈ আহিছে এবছুৰ প্ৰাক্তন নেতা ৰণগৌৰা নাৰ্জাৰী আৰু ইউ পি পি এলৰ জ্যেষ্ঠ নেতা সোমনাথ নাৰ্জাৰীৰ নাম ।

লগতে পঢ়ক : আজি হাবুঙত চাওৰেন আৰু হলুংহফি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.