ETV Bharat / state

শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰদান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

author img

By

Published : Dec 13, 2019, 8:51 PM IST

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত মৃত্যুবৰণ কৰা চাৰিজন ব্যক্তিক শ্বহীদ ঘোষণা কৰে, বন্তি প্ৰজ্বলন আৰু মৌন প্রার্থনাৰে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান ৰাজ্যত বিচাৰে শান্তি ৷

মৌন প্রার্থনাৰে মৃতকৰ আত্মাৰ সদগতি কামনা
শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰদান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

গুৱাহাটী,13 ডিচেম্বৰঃ হিংসা জৰ্জৰিত অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যত বিচাৰে শান্তি ৷ বৰ্তমান অশান্ত হৈ থকা সমগ্ৰ অসমলৈ শান্তি ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত মৃত্যুবৰণ কৰা চাৰিজন ব্যক্তিক শ্বহীদ ঘোষণা কৰে । তদুপৰি বন্তি প্ৰজ্বলন আৰু মৌন প্রার্থনাৰে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰা বিশ্ববিদ্যালয়খনৰ উপ-সভাপতি হীৰক পাটোৱাৰীয়ে কয়, "অসমৰ জনসাধাৰণৰ বুকুত থকা জুইকুৰা কোনেও নুমুৱাব নোৱাৰে আৰু ন্যায় নোপোৱা পৰ্যন্ত এই আন্দোলন চলি যাব ৷"

আনহাতে, এতিয়াৰে পৰা শান্তিপূৰ্ণভাৱে কেবৰ বিৰুদ্ধে আন্দোলন চলাব ছাত্ৰ-ছাত্ৰীসকলে ৷ অসমৰ জনসাধাৰণৰ সকলো দাবীক নস্যাৎ কৰি বিজেপি চৰকাৰে অসমত যি অশান্ত পৰিবেশৰ সৃষ্টি কৰিলে ইয়াৰ দায়ী আচলতে কোন ! মৃত প্ৰতিবাদকাৰীসকল নে প্ৰশাসন নে চৰকাৰ ! এই প্ৰশ্নৰ উত্তৰ হয়তো এতিয়া কাৰোৰে হাতত নাই । কিন্তু পৰৱৰ্তী সময়ত কেবৰ বিৰুদ্ধে ছাত্ৰ সমাজে প্ৰতিবাদ চলাই যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে ৷

লগতে চাওকঃএওঁলোক আবেগিক মানুহ,আইনখন বুজিবলৈ সময়ৰ প্ৰয়োজন হ‘ব-কিৰেণ ৰিজিজু

Intro:কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মৃত্যুবৰণ কৰা চাৰি জন ব্যক্তিক শ্বহীদ ঘোষণা কৰে। মৃতকৰ আত্মাৰ সদগতিৰ বাবে বন্তি প্ৰজ্বলন আৰু মৌন প্রার্থনা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ।

Body:কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিচাৰে শান্তি। বৰ্তমান অশান্ত হৈ থকা সমগ্ৰ অসমলৈ শান্তি ঘূৰাই অনাৰ বাবে পদক্ষেপ ছাত্ৰ ছাত্ৰী সকলৰ। উপ সভাপতি হীৰক পাটোৱাৰী কয় যে অসমৰ জনসাধাৰণৰ বুকুত থকা জুইকুৰা কোনেও নুমোৱাব নোৱাৰে আৰু আন্দোলন চলি যাব কেবৰ বিৰুদ্ধে ন্যায় নোপোৱা পৰ্যন্ত ।
Bite:- হীৰক পাটোৱাৰী

Conclusion:এতিয়াৰ পৰা কেবৰ বিৰুদ্ধে আন্দোলন চলাই যাব ছাত্ৰ ছাত্ৰী সকলে শান্তিপূৰ্ণ ভাবে। অসমৰ জনসাধাৰণৰ সকলো দাবীক নস্যাৎ কৰি বিজেপি চৰকাৰে অসমত যি অশান্ত পৰিবেশৰ সৃষ্টি কৰিলে ইয়াৰ দায়ী আচলতে কোন। মৃত কেব বিৰোধী প্ৰতিবাদকাৰী সকল নে প্ৰশাসন নে চৰকাৰ। এই প্ৰশ্নৰ উত্তৰ হয়তো এতিয়া কাৰোৰে হাতত নাই। কিন্তু কেবৰ বিৰুদ্ধে ছাত্ৰ সমাজে প্ৰতিবাদ চলাই যাব আৰু এই কেব কেতিয়াও মানি নোলোৱাৰ সিদ্ধান্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.