ETV Bharat / state

নাক-কান আৰু ডিঙি বিভাগৰ উত্তৰ-পূব শাখাৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি - ENT Department

গুৱাহাটী মহানগৰীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত যোৱা ৪মাৰ্চৰ পৰা ৬ মাৰ্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নাক-কান আৰু ডিঙি বিভাগৰ (ENT Department) উত্তৰ পূব ভাৰত শাখাৰ ৩৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি ।

NEBAOICON-2022
NEBAOICON 2022 সফল সামৰণি
author img

By

Published : Mar 7, 2022, 3:19 PM IST

গুৱাহাটী,৭মাৰ্চ: গুৱাহাটী মহানগৰীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত যোৱা ৪মাৰ্চৰ পৰা ৬ মাৰ্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নাক-কান আৰু ডিঙি বিভাগৰ (ENT Department) উত্তৰ পূব ভাৰত শাখাৰ ৩৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে ।

NEBAOI(north eastern Branch of association Otolaryngologist of India)ৰ উদ্যোগত অসম ডাউন টাউন বিশ্ব বিদ্যালয় চৌহদত অনুষ্ঠিত হোৱা NEBAOICON-2022 শীৰ্ষক অনুষ্ঠানৰ প্ৰথম দিনা বিয়লি ভাগত অনুষ্ঠিত হোৱা মুকলি অধিবেশনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে পদ্মশ্ৰী সন্মান প্ৰাপ্ত দেশৰ এগৰাকী প্ৰসিদ্ধ চিকিৎসক প্ৰফেছৰ এছ.কে কাক্কৰ ।

NEBAOICON-2022 শীৰ্ষক অনুষ্ঠানৰ যৱনিকা

ডঃ আলোক থাকা, এ কে হাণ্ডা আদিকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰসিদ্ধ চিকিৎসক তথা অভিজ্ঞ চাৰ্জনৰ উপস্থিতিত ENT Surgeons বিভাগত উন্নত কাৰিকৰী কৌশল, উন্নত চিকিৎসা পদ্ধতি, নতুন নতুন চাৰ্জাৰী আদিকে ধৰি চিকিৎসা শাস্ত্ৰৰ বিভিন্ন বিষয় আলোচনা কৰে ।প্ৰথমদিনাৰ মুকলি অধিবেশৰ পিছত বাৰেৰহনীয়া সংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ।

দ্বিতীয় আৰু তৃতীয় দিনা আলোচনা চক্ৰ, সম্বৰ্ধনা অনুষ্ঠান,তথা সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয় । উল্লেখ্য যে ক'ভিডসৃষ্ট পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিপেক্ষিত লগতে চিকিৎসক সকল কোভিড যোদ্ধা হিচাবে চিকিৎসা সেৱাত নিয়োজিত হৈ থকা বাবে বিগত দুটা বৰ্ষত NEBAOI ৰ এই অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাছিল ।

এইবাৰ এই অধিবেশন খন সুন্দৰভাৱে অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱাত উদযাপন সমিতিৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰে NEBAOI কোষাধ্যক্ষ ডঃ অপূৰ্ব শৰ্মাই ।ইফালে ২০২২-২৩ বর্ষৰ বাবে মণিপুৰ,ইম্ফলৰ জনপ্রিয় চিকিসক ডাঃ প্ৰিয়সাক্ষী দেৱীক NEBAOI ৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ।

লগতে পঢ়ক: ভোটদানৰ পূৰ্বে ভোলানাথৰ আৰ্শীষ ল’লে ভুৱন গামে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.