ETV Bharat / state

Residential training camp at IIT Guwahati : ৰাজ্যৰ কেবাগৰাকীও শিক্ষকক প্ৰশিক্ষণৰ বাবে চুক্তি স্বাক্ষৰ

author img

By

Published : Oct 14, 2022, 10:51 PM IST

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যখনৰ বিদ্যালয়সমূহৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে গুৱাহাটী আই আই টিত গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষক সকলৰ পাঁচ দিনিয়াকৈ অনুষ্ঠিত হোৱা আবাসিক প্ৰশিক্ষণ শিবিৰৰ শুক্ৰবাৰে সামৰণি পৰে (Residential training camp at IIT Guwahati) ৷ অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাগুৰু সকলক আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰে ।

Residential training camp  at IIT Guwahati
ৰাজ্যৰ কেবাগৰাকী শিক্ষকক প্ৰশিক্ষণৰ বাবে চুক্তি স্বাক্ষৰ

গুৱাহাটী, 14 অক্টোবৰ : শুকুৰবাৰে সামৰণি পৰিল গুৱাহাটী আই আই টিত গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষকসকলৰ পাঁচ দিনিয়াকৈ অনুষ্ঠিত হোৱা আবাসিক প্ৰশিক্ষণ শিবিৰ (Conclude of residential training camp of Math and science teachers) ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যখনৰ বিদ্যালয়সমূহৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল উক্ত শিবিৰ ৷ শুকুৰবাৰে উক্ত শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷

অসন চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে উক্ত প্ৰশিক্ষণ শিবিৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা শিক্ষাগুৰুসকলক আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰে (Residential training camp at IIT Guwahati) । এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে, শিক্ষা বা ডিগ্ৰী গ্ৰহণ কৰাৰ কোনো বয়স বা নিৰ্দিষ্ট সময়সীমা নাই । এয়া এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া ।

মানুহ হিচাপে আমি জন্মৰ পৰা মৃত্যুৰ সময়লৈকে বিভিন্ন স্তৰত বিভিন্ন শিক্ষা গ্ৰহণ কৰি যাওঁ ।

তেওঁ লগতে উল্লেখ কৰে যে, ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী আই আই টিৰ লগত ৰাজ্যখনৰ ২,০০০ গৰাকী বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষকক এই প্ৰশিক্ষণ দিয়াৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে আৰু পৰ্যায়ক্ৰমে এই ধৰণৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি যাব ।

ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে, ৰাজ্যখনৰ আন আন উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ লগত আহি থকা দিনসমূহত শিক্ষকসকলক সেই অনুষ্ঠানসমূহৰ সহযোগত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । মন্ত্ৰীগৰাকীয়ে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী আই আই টিৰ বিষয়ববীয়া সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আহি থকা দিনসমূহত শিক্ষা বিভাগক আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, এই প্ৰশিক্ষণ শিবিৰত মৰিগাঁও আৰু কামৰূপ জিলাৰ পৰা ২০০গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে । ইফালে শুকুৰবাৰে আয়োজিত উক্ত সামৰণি অনুষ্ঠানত আই আই টিৰ ডিন পি কে আয়াৰ আৰু এছ চি ই আৰ টিৰ সঞ্চালক নীৰদা দেৱীও উপস্থিত থাকে ।

লগতে পঢ়ক : Public hearing at Majuli: মাজুলীৰ ফেৰীৰ ভাড়া বৃদ্ধিক লৈ শনিবাৰে ৰাজহুৱা শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.