ETV Bharat / state

৭ জানুৱাৰীত দীপৰ বিলত সমূহীয়া মৎস চিকাৰৰ প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 7:26 PM IST

Dipor Bil in Assam:মাঘ বিহুৰ সময় সমাগত হোৱাৰ লগে লগে ৰাজ্য়ত আৰম্ভ হয় সমূহীয়া মৎস চিকাৰ । আন ঠাইৰ দৰে ব্য়তিক্ৰম নহয় মহানগৰীৰৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল । এই বিষয়ে সদৰী কৰিছে দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে ।

Fishing in Dipor Bil
দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

গুৱাহাটী, ৫ জানুৱাৰী : গুৱাহাটী মহানগৰীৰৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলত অহা ৭ জানুৱাৰীত বিলৰ দাঁতি কাষৰীয়া কেইবাখনো গাঁৱৰ মাছমৰীয়া লোকসকলে সমূহীয়াভাবে মৎস চিকাৰ কৰিব । মাছ ধৰা পৰ্ব উপলক্ষে দীপৰ বিলৰ পাৰত আজাৰাৰ দিশত দেওবাৰ অৰ্থাৎ ৭ জানুৱাৰীৰ দিনা পুৱাৰে পৰা সৃষ্টি হ'ব উখল মাখল পৰিৱেশ । এই পৰিবেশ অহা মাঘ বিহুৰ উৰুকাৰ সময়লৈকে অব্যাহত থাকিব ।

Fishing in Dipor Bil
দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ সভাপতি গোলক দাস আৰু সাধাৰণ সম্পাদক গোলক দাসে এই প্ৰসংগত কয় যে মাছ ধৰা উৎসৱ ৭ জানুৱাৰীত শৃংখলাবদ্ধভাবে আৰম্ভ হ'ব । বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা মেধিপাৰা, হিৰাপাৰা, হাতুৱাপাৰা, নোৱাপাৰা, মাটিয়া, নতুনবস্ত, বৰবৰী আদি গাঁও কেইখনৰ অনুসূচিত জাতিৰ প্ৰায় ৮০০ টা মাছমৰrয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । সেয়েহে সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওনত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে । তাৰ ছমাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰ পাৰ হোৱাৰ পাছত যাবতীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয় । এই পৰ্ব কেৱল খৰালিৰ দিনকেইটাত চলি থাকে।

উল্লেখ্য যে সোৱাদৰ বাবে বিখ্যাত দীপৰ বিলত মাছ মৰাৰ সময়ত পুৱাৰে পৰা মাছ কিনিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ লোকে ভিৰ কৰে । এইবাৰো তাৰ ব্যতিক্রম নহ'ব বুলি আশা কৰা হৈছে বুলি কয় দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ সভাপতি গোলক দাসে । ইফালে, বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰীয়া সকলে পৰম্পৰা অনুসৰি কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে । স্থানীয় ভাষাত 'আচকা' ভাওতহে মাছ বিক্ৰী কৰি আহিছে । সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে সদৰি কৰা অনুসৰি বিগত ২০২৩ বৰ্ষত বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালি, বিকেত মাছ বেছিকৈ পৰিছিল নাও লৈ যোৱা মাছমৰীয়াৰ জালত । আনকি সৰ্বাধিক প্ৰায় ১৫ কেজি ওজনৰ বিকেত মাছ ধৰা হৈছিল ।

আনহাতে, বন বিভাগৰ অনুৰোধত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সমূহীয়া মাছ ধৰা উৎসবৰ প্ৰাকক্ষণত বিগত বৰ্ষত দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্য ঘোষিত অঞ্চলত কোনো মাছমৰীয়াই যাতে মাছ মাৰিবলৈ নাও লৈ যাব নোৱাৰে তাৰ বাবে ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছিল। কিন্তু অভয়াৰণ্য ঘোষিত অঞ্চলত প্ৰৱেশ নকৰাকৈয়ে বেছিভাগ মাছমৰীয়াই মাছ ধৰি আহিছে ।

লগতে পঢ়ক:নিশা 11 বজাত ওলাইছিল বনভোজলৈ; এতিয়া লংকা থানাৰ সন্মুখত চলিছে প্ৰীতিভোজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.