গুৱাহাটী,25 অক্টোবৰঃ আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিচতো ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু আৰু অবৈধ কয়লাৰ সৰবৰাহ। যোৰাবাট আৰক্ষীয়ে বৃস্পতিবাৰে নিশা আৰক্ষী চকীৰ সন্মুখত চলোৱা এক বিশেষ অভিযানত এখন চোৰাং গৰু ভৰ্তি ট্ৰাক আৰু দুখন অবৈধ কয়লা ভৰ্তি জব্দ কৰে। জব্দ কৰা গৰুসমূহ ন মাইল গৰু বজাৰৰ পৰা অবৈধভাৱে মেঘালয়লৈ নি থকা হৈছিল। জানিবপৰা মতে ML-05H-7877 নং ট্ৰাকত গৰু সমূহ ন মাইল গৰু বজাৰৰ পৰা অবৈধভাৱে মেঘালয়লৈ লৈ নি আছিল ৷

যোৰাবাট আৰক্ষীয়ে বৃহস্পতিবাৰে মাজ নিশা চলোৱা এক তালাচী অভিযানৰ সময়তে জব্দ কৰে অবৈধ কয়লা ভৰ্তি ট্ৰাককেইখন । জানিবপৰা মতে AS-01LC-5424 আৰু NL-01K-1592 নম্বৰৰ ট্ৰাক দুখন মেঘালয়ৰ পৰা বেলতলালৈ গৈ আছিল। দেশত দুৰ্নীতি নিৰ্মূল হোৱা বুলি দম্ভালি মাৰি থকাৰ পিছতো কিয় এনে অবৈধ বেহা,ছিণ্ডিকেট ৰোধ কৰিব পৰা নাই ৰাজ্যৰ গৃহ বিভাগে ?
ইফালে ৰাজ্যত ধাৰাবাহিকভাৱে চোৰাং গৰু আৰু অবৈধ কয়লাৰ ট্ৰাক জব্দ হৈ থকাৰ পিচতো কোনো মন্ত্ৰী বিষয়াই মাত মতা নাই আজিলৈকে ৷ বৰঞ্চ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে চোৰাং গৰু ভৰ্তি ট্ৰাক ৷ বৃহস্পতিবাৰৰ ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে