ETV Bharat / state

Boko MLA Nandita Das controversy : কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ; বিতৰ্কত বিধায়িকা নন্দিতা দাস - কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ

বিতৰ্কত কংগ্ৰেছী বিধায়িকা নন্দিতা দাস ৷ গুৰুত্বপূৰ্ণ দলীয় কাৰ্যনিৰ্বাহক সভাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল বিধায়িকাগৰাকীয়ে ৷ এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা ৷ কাণ্ডই তোলপাৰ লগাইছে কংগ্ৰেছৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলত (Boko MLA Nandita Das controversy) ৷

Etv Bharat
Etv Bharat
author img

By

Published : Apr 3, 2023, 2:45 PM IST

বিতৰ্কত বিধায়িকা নন্দিতা দাস

গুৱাহাটী, 3 এপ্ৰিল : কংগ্ৰেছৰ ভিতৰ চ’ৰাত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ ! কোন এই গুপ্তচৰ ? বিতৰ্কৰ আৱৰ্তত কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস ৷ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাৰ দৃশ্য মোবাইলত ৰেকৰ্ডিং কৰি বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছৰ বকোৰ বিধায়িকা নন্দিতা দাস ৷ বিধানসভাৰ মজিয়াৰ লগতে বাহিৰতো মাত্ৰ দুদিন পূৰ্বে কংগ্ৰেছ দল তথা বিধায়িনী দলত খবৰ দিয়া নিজৰ মানুহ থকা বুলি মন্তব্য কৰি চৰ্চালৈ আহিছিল ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CMs spy in congress MLA Nandita Das) ৷

উক্ত সময়চোৱাত কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কৰ প্ৰতি উঠিছিল সন্দেহৰ আঙুলি ৷ তাৰ ভিতৰত অন্যতম আছিল বিধায়িকা নন্দিতা দাস ৷ তাৰ পিছতেই নন্দিতা দাসৰ লগতে সন্দেহজনক চাল-চলনৰ কেইবাগৰাকীও বিধায়কৰ ওপৰত কংগ্ৰেছ দলে নজৰ ৰখা পৰিলক্ষিত হৈছিল ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা ৷ উক্ত সভাতেই আলোচনা হৈছিল ভালেসংখ্যক গোপনীয় বিষয় সন্দৰ্ভত ৷ প্ৰদেশ কংগ্ৰেছৰ এই সভাত ভাষণ দি আছিল এআইচিচিৰ সম্পাদক পৃথ্বিৰাজ সাথেয়ে ৷ তেতিয়াই নিজৰ মোবাইলত সভাৰ দৃশ্যাংশ গোপন কায়দাৰে ৰেকৰ্ডিং কৰিছিল বিধায়িকা নন্দিতা দাসে ৷ লগতে আন একাংশ নেতাৰ ভাষ্যও ৰেকৰ্ডিং কৰিছিল বিধায়িকা দাসে (Boko MLA Nandita Das controversy) ৷

সম্প্ৰতি নন্দিতা দাসে ৰেকৰ্ডিং কৰা ভিডিঅ’ কংগ্ৰেছ দলত ৰাজহুৱা হৈ পৰিছে ৷ বিধায়িকাগৰাকীৰ এইকাণ্ডই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ চ’ৰাত ৷ এই প্ৰসংগত ইটিভি ভাৰত অসমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় -“ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে ৷ আমাৰ ওপৰত ভগৱানৰ সুদৃষ্টি পৰিছে ৷ ৰাইজে কংগ্ৰেছ দলটো ভাল হোৱাটো বিচাৰিছে ৷ এতিয়া দলটোৰ ভিতৰৰ আমাৰ বহুলোকৰ আত্মশুদ্ধি কৰাৰ সময় ৷”

এতিয়া কংগ্ৰেছ দলে বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সভাপতি ভূপেন বৰাই কয় যে, সদ্যহতে বৰা দিল্লীত আছে ৷ সেয়ে গুৱাহাটীলৈ আহি দলীয় মতামত লৈ কাৰ্যকৰী ব্যৱস্থা সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ লগতে দেওবাৰে অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকখনে দল বিৰোধী কাৰ্যকলাপ কৰা তথা অনুশাসন ভংগ কৰা লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁক দায়িত্ব অৰ্পণ কৰিছে বুলিও জনায় ভূপেন বৰাই ৷

বিষয়টো লৈ কংগ্ৰেছ নেতৃত্ব “যথেষ্ট চিৰিয়াছ” বুলি মন্তব্য কৰে এপিচিচি সভাপতি গৰাকীয়ে ৷ ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এআইচিচিলৈ এই প্ৰসংগত সবিশেষ জনাই পত্ৰও প্ৰেৰণ কৰা হৈছে বুলি দলটোৱে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Rupjyoti Kurmi criticizes AAP : দিল্লীত ৫০০ খন বিদ্যালয়হে আছে বুলি কেজৰিৱালক কটাক্ষ বিধায়ক কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.