ETV Bharat / state

পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

চৰকাৰী ৰাজহৰ লোকচান নিয়ন্ত্ৰণ কৰিবলৈ অভাৰলোডেড কয়লা ট্ৰাকৰ চলাচলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ । ৰাজ্যিক কেবিনেটৰ অনুমোদন অবিহনে এতিয়াৰ পৰা এএছটিচিত পুনৰ নিযুক্তি আৰু নতুন নিযুক্তি বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । গুৱাহাটীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ব্ৰহ্মপুত্ৰ নদীৰে cruise সেৱা পৰিচালনাৰ বাবে পদক্ষেপ ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্রীৰ ।

author img

By

Published : Jun 26, 2021, 8:45 PM IST

Cm's meeting with transport department
পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

গুৱাহাটী, ২৬ জুন : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত বিভাগটোৰ অধীনৰ পৰিবহণ আয়ুক্ত, অসম ৰাজ্যিক পৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে বিভাগটোক চৰকাৰী ৰাজহৰ লোকচান নিয়ন্ত্ৰণ কৰিবলৈ অভাৰলোডেড কয়লা ট্ৰাকৰ চলাচলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰী গৰাকীয়ে ঘাইপথৰ কৰ ফাঁকি দিয়াসকলক চিনাক্ত কৰিবলৈ আৰু সূক্ষ্ম পৰ্যবেক্ষণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে বিভাগটোক সমগ্ৰ অসমত ৫০০০ যুৱক-যুৱতীৰ "গাড়ী চলোৱা আৰু লঘু দক্ষতা প্ৰশিক্ষণ"ৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে ।

পৰিবহণ নিগমৰ কাৰ্য-কলাপৰ বুজ লোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক ইয়াৰ কাৰ্য-কলাপ সুশৃংখল কৰাৰ বাবে ৰাজহুৱা পৰিবহণ নিগমৰ কাৰ্যকৰী প্ৰণালী পৰীক্ষা কৰিবলৈ কয় । মুখ্যমন্ত্ৰীয়ে বিভাগটোক ৰাজহ উৎপাদন বৃদ্ধিৰ বাবে এএছটিচিৰ অধীনত অইল পিএছইউত বাছৰ অন্তৰ্ভুক্তি বৃদ্ধি কৰাৰ উপৰি অধিক ব্যক্তিগত বাছ (পি অ' বি) পৰিচালনাৰ বাবে উন্নত পৰিৱেশ সৃষ্টি তথা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে বিভাগটোক লগতে নিৰ্দেশ দিয়ে যে পৰিবহণ, বিত্ত আৰু ৰাজহুৱা প্ৰৱেশ বিভাগৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ অবিহনে এএছটিচিৰ কোনো ব'ৰ্ড বৈঠক অনুষ্ঠিত নহ'ব । মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক কেবিনেটৰ অনুমোদন অবিহনে এতিয়াৰ পৰা এএছটিচিত পুনৰ নিযুক্তি আৰু নতুন নিযুক্তি বন্ধ কৰিবলৈও নিৰ্দেশ দিয়ে ।

মুখ্যমন্ত্ৰীয়ে বিভাগটোক পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত এএছটিচিক লাভজনক ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ আৰু অতি সোনকালে সম্পত্তি মুদ্ৰাকৰণৰ অনুশীলন কৰাৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত কৰিবলৈও পৰামৰ্শ দিয়ে । আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্য-কলাপৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কাৰ্গ পৰিবহণ আৰু ক্ৰুইজ চলাচলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আই ডব্লিউ টি সঞ্চালকালয়ৰ কাৰ্য-কলাপ পুনৰ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক আভ্যন্তৰীণ জল পৰিবহণ আৰু পৰ্যটন বিভাগৰ সম্ভাৱনীয়তা অন্বেষণ কৰিবলৈ আৰু ঘৰুৱা পৰ্যটকৰ প্ৰয়োজনীয়তা পূৰণ কৰি গুৱাহাটীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ক্ৰুইজ(cruise) সেৱা পৰিচালনাৰ বাবে পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.