গুৱাহাটী, ১৪ নৱেম্বৰ : জি এম চি বোকা কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত সোমবাৰে জি এম চিৰ (Guwahati Municipal Corporation) সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰদীপ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগতে সহকাৰী কাৰ্যবাহী অভিযন্তা দিবাকৰ মালিক আটক কৰে চি এম ভিজিলেঞ্চে । আনহাতে আত্মগোপন কৰি থকা অৱস্থাত ৬ নৱেম্বৰত ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ হৈছিল GMC ৰ বোকা কেলেংকাৰীৰ(GMC Mud Scam) মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান ।
গ্ৰেপ্তাৰ হোৱাৰ পিছতে চি এম ভিজিলেঞ্চৰ জিম্মাত বহু বিস্ফোৰক স্বীকাৰোক্তি দিয়ে তছদিকুৰ ৰহমানে । জেৰাত তছদিকুৰে স্বীকাৰ কৰিছে আছিফ আহমেদৰ সৈতে মিলি এই বৃহৎ কেলেংকাৰি সংঘটিত কৰাৰ কথা । GMC ত তছদিকুৰৰ ধন সংগ্ৰহ কৰা বহু কৰ্মচাৰী শীঘ্ৰেই পৰিব চি এম ভিজিলেঞ্চৰ জালত ।
উল্লেখ্য যে, GMC বোকা নিষ্কাশনৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ১০ বিষয়াক ইতিমধ্যে জে’ললৈ প্ৰেৰণ কৰা হৈছে ।
GMC ৰ বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল ১০ বিষয়া, ঠিকাদাৰ, তছদিকুৰ ৰহমান, বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন,দিনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্তক, অভিমন্যু মেধী । সম্প্ৰতি পলাতক অৱস্থাত আছে আন দুই অভিযুক্ত কাৰ্যবাহী অভিযন্তা সীমান্ত জ্যোতি বৰুৱা, ঠিকাদাৰ মিথু আগৰৱালা (GMC officials arrested)।
চলিত বৰ্ষত জি এম চিত বোকা আঁতৰোৱা কামৰ ভুৱা বিল দি প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকা সৰকাই নিছিল চক্ৰটোৱে । বোকা আঁতৰোৱা কামৰ দাখিল কৰা নথি-পত্ৰ দেখি গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে । এই নিৰ্দেশৰ ভিত্তিতে পংকজ চক্ৰৱৰ্তীয়ে তদন্ত আৰম্ভ কৰে ।
যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্তৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল ভুৱা বিল দি গুৱাহাটী পৌৰ নিগমৰ বিষয়া কেইজনে কোটি কোটি টকা লুটাৰ কথা । পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দিছিল । সেই এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪/২০২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Protest against price hike: ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি