গুৱাহাটী, 16 অক্টোবৰ: অহা 10 ডিচেম্বৰত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰিবলগীয়া ‘শ্বহীদ স্মাৰক’ৰ নিৰ্মাণকাৰ্য ৷ শুকুৰবাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে অহা 10 ডিচেম্বৰত একেদিনাই উন্মোচন কৰা হ'ব অসম আন্দোলনৰ পটভূমিত যুগুত কৰা চাৰিটা খণ্ডবিশিষ্ট তথ্যসমৃদ্ধ গ্ৰন্থখনৰ প্ৰথমটো খণ্ড ৷ উল্লেখ্য যে,বিগত বৰ্ষৰ শ্বহীদ দিৱসত আধাৰশিলা স্থাপন কৰা হৈছিল এই শ্বহীদ স্মাৰক উদ্যানৰ ৷
ইপিনে যোগীঘোপাস্থিত অশোক কাগজ কলৰ স্থানত অহা 20 অক্টোবৰত শুভাৰম্ভ কৰা হ'ব 'মাল্টিমডেল লজিষ্টিক্স পাৰ্ক' নিৰ্মাণৰ কাম ৷ অশোক কাগজ কলতকৈ প্ৰায় 10 গুণ বৃহৎ এই প্ৰকল্পই নামনি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ পেলাব ৷ শুকুৰবাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ শালপাৰাৰ বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগৰ গোচৰ