ETV Bharat / state

কেন্দ্ৰৰ বিত্তীয় পেকেজঃ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক - অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বেংক বিষয়া সকলৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাৰ অন্তত কেইবাটাও বিষয়ৰ ওপৰত মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ETV BHARAT
কেন্দ্ৰৰ বিত্তীয় পেকেজঃ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক
author img

By

Published : May 20, 2020, 8:18 PM IST

গুৱাহাটী, 20 মেঃ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বেংক বিষয়া সকলৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন বৈঠক অনুষ্ঠিত হয় । সভাৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য সাংবাদিকৰ আগত সদৰি কৰে ৷

কেন্দ্ৰৰ বিত্তীয় পেকেজঃ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

ৰাজ্যৰ বেংক বিষয়া সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত সদৰি কৰে যে, প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পেকেজ সন্দৰ্ভত এই আলোচনা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জানিবলৈ দিয়ে যে ক্ষুদ্ৰ ব্যৱসায়ী তথা নিবনুৱা সকলক কিদৰে বেংকৰ জৰিয়তে ঋণ প্ৰদান কৰি স্বাৱলম্বী কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয়৷ কোভিড বিৰোধী যুজঁ অব্যাহত থকাৰ সমান্তৰালকৈ অন্যান্য অৰ্থনৈতিক প্ৰগতিৰ কামো পূৰ্ণগতিত চলিব লাগিব বুলি জানিবলৈ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীয়ে 20 লাখ কোটি ঘোষণা কৰাৰ পাছত সেই টকা কেনেদৰে কি কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা মিলিত হয় বেংক বিষয়া সকলৰ লগত । লগতে কৃষিখণ্ডত,খেতিয়ক,আত্মসহায়ক গোট,ক্ষুদ্ৰ,অতি ক্ষুদ্ৰ আৰু মজলিয়া উদ্যোগ সমূহত কিদৰে ফলপ্ৰসু কৰিব পাৰি তাৰ বাবে আলোচনা কৰা হয় বুলি কয় মুখ্যমন্ত্ৰীয়ে । প্ৰতিটো বেংকে যাতে ঋণ প্ৰদান কৰিব তাৰ বাবে গাইড লাইন প্ৰস্তুত কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। আনহাতে বিধায়ক/সাংসদে সমষ্টিয়ে সমষ্টিয়ে নিজ কৰ্তব্য পালন কৰাৰ বাবে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে । আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে বহিঃৰাজ্যৰ পৰা অহা লোক সকলক সংস্থাপিত কৰিবৰ বাবে গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ দিয়া হৈছে জব কাৰ্ডৰ কাম সমূহ বহিঃৰাজ্য়ৰ পৰা অহা শ্ৰমিক সকলক প্ৰদান কৰাৰ লগতে বেংকাৰ সকলক ইতিবাচক দৃষ্টিৰে ৰাইজক সহায় কৰাৰ আহ্বান জনালে । তাৰোপৰি ক'ৰণা ভাইৰাছৰ বাবে সকলোৱে আৰু অধিক সজাগ হ'বলৈ আহ্বান জনাই ৷ অসমলৈ যি প্ৰত্যাহ্বান নাহক কিয় চৰকাৰে সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ সাজু আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উক্ত সভাখনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাও উপস্থিত থাকে ।

লগতে পঢ়ক- ৰাজ্যপালে ভংগ কৰিলে লকডাউনঃ ছচিয়েল মিডিয়াত সৰৱ হাগ্ৰামা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.