ETV Bharat / state

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি কি পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ 29 গৰাকী অৰ্থনীতিবিদে ? - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

১০০ দিনীয়া কৰ্মসূচী, 'টাস্ক ফ'ৰ্চ' গঠন কৰি কৃষক, শ্ৰমিক, শিপিনীক সহায় কৰাৰো পৰামৰ্শ দিছে অৰ্থনীতিবিদ সকলে। বৈঠকত ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ পৰামৰ্শ দি অৰ্থনীতিবিদ সকলে সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰো পৰামৰ্শ দিয়ে। ইপিনে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা তথ্য ভিত্তিক প্ৰতিবেদনৰ ভিত্তিত অৰ্থনীতিবিদ সকলে আজিৰ বৈঠকত পৰামৰ্শ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

CM Sarbananda Sonowal attend in a meeting with economists at  administrative College of khanapara
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি কি পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ 29 গৰাকী অৰ্থনীতিবিদে ?
author img

By

Published : Apr 28, 2020, 9:03 PM IST

গুৱাহাটী,28 এপ্ৰিলঃ মঙলবাৰে খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত ৰাজ্যৰ অৰ্থনীতিবিদ সকলৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত। বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ আতংকৰ পৰা ৰক্ষা পাবলৈ লক ডাউন ঘোষণা কৰাৰ পিছৰে পৰা দেশৰ অৰ্থনীতিৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। সংকটৰ এই সময়ত অৰ্থনৈতিকভাৱে কিদৰে সষ্টম হৈ থাকিব পাৰি ইয়াকে লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ২৯ গৰাকী অৰ্থনীতিবিদৰ লগত মিলিত হয় এই বৈঠকত। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্থনীতিবিদ সকলে আগবঢ়োৱা পৰামৰ্শসমূহ সাংবাদিকৰ আগত দাঙি ধৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,অৰ্থনীতিবিদ সকলে পৰামৰ্শ আগবঢ়াইছে যাতে চৰকাৰে এই সংকটৰ ব্যাপক প্ৰভাৱ পৰা অৰ্থনীতি পুনৰ সবল কৰি তুলিবলৈ কৃষি, উদ্যোগ,বাণিজ্য সকলো দিশত হ্ৰস্ব আৰু দীৰ্ঘ ম্যাদী আঁচনি গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও সম্পদৰ সম্ভাৱনাক আগুৱাই নিবলৈ আৰু অৰ্থনৈতিক কাম কাজ আগবঢ়াবলৈ পৰামৰ্শ দিয়ে অৰ্থনীতিবিদ সকলে।

কি কি পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ 29 গৰাকী অৰ্থনীতিবিদে

ইফালে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজখন চলাই নিবলৈ পৰামৰ্শ দিয়াৰ লগতে অৰ্থনীতি সবল কৰিবলৈ ১০০ দিনীয়া কৰ্মসূচী,'টাস্ক ফ'ৰ্চ' গঠন কৰি কৃষক, শ্ৰমিক,শিপিনীক সহায় কৰাৰো পৰামৰ্শ দিছে অৰ্থনীতিবিদ সকলে। বৈঠকত ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ পৰামৰ্শ দি অৰ্থনীতিবিদ সকলে সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰো পৰামৰ্শ দিয়ে। ইপিনে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা তথ্য ভিত্তিক প্ৰতিবেদনৰ ভিত্তিত অৰ্থনীতিবিদ সকলে আজিৰ বৈঠকত পৰামৰ্শ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়,ৰাজ্য চৰকাৰ দৃঢ় বিশ্বাসী যে চৰকাৰে অৰ্থনৈতিক দিশসমূহ পুনৰ টনকিয়াল কৰিব পাৰিব ।আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে, প্ৰয়োজনীয় দিশ সমূহত সঠিকভাৱে বিনিয়োগ কৰিব পাৰিলেহে অসমত কৰ ৰাজহ সংগ্ৰহ হ'ব ৷ লগতে কৰ'ণা ভাইৰাছৰ পৰা ৰাজ্যবাসী এতিয়াও সংকটমুক্ত নহয় বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক এই সংকটৰ সময়ত ধৈৰ্য ধৰিবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত গ্ৰীণ জ'নত দোকান-পোহাৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অৱগত কৰি অহা ৩ মে'ৰ পিছত ৰেড আৰু অৰে'ঞ্জ জ'ন সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও সাংবাদিকক জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি কি পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ 29 গৰাকী অৰ্থনীতিবিদে ?

লগতে পঢ়কঃ ৰেপিড এন্টিবডি টেষ্টৰ সঁজুলি ক্ৰয়: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.