গুৱাহাটী, ৬ জুন : দেওবাৰে শক্তিমন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিভাগটোৰ অধীনৰ তিনিওটা কোম্পানী ক্ৰমে এপিডিচিএল(APDCL), এইজিচিএল(AEGCL) আৰু এপিজিচিএল(APGCL)ৰ কাম-কাজ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই । চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎ বিল নিদিয়াকৈ থাকিলে সংশ্লিষ্ট ডিডিঅ’ সকলৰ জৰিয়তে কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিলৰ ধন কৰ্তনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, বিদ্যুৎ চুৰিৰ গোচৰসমূহ ৰুজু কৰাৰ বাবে পূৰ্বৰ কেইখনমান থানাৰ কতৃৰ্ত্ব থকাৰ বিপৰীতে এতিয়াৰ পৰা সকলোবোৰ আৰক্ষী থানাকে এপিডিচিএল(APDCL) আৰক্ষী থানা হিচাপে ঘোষণা কৰাৰ জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে ।

সেইদৰে তিনিওটা কোম্পানীয়ে 2021 চনৰ 31 মাৰ্চলৈকে চৰকাৰৰ পৰা গ্ৰহণ কৰা ঋণ আৰু ইয়াৰ সুদক তাৎক্ষণিকভাৱে অংশীদাৰিত্বলৈ ৰূপান্তৰকৰণ আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে প্ৰাপ্য লাভালাভ প্ৰদান সম্বন্ধীয় এক জাননী অতি সোনকালে জাৰি কৰাৰ বাবে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী শৰ্মাই । ৰাজ্যখনত 63 লাখ উপভোক্তাৰ নাম, ফোন নম্বৰ ইত্যাদি সামৰি এক উপযুক্ত ডাটাবেজ তৈয়াৰ কৰাৰ নিৰ্দেশ দিয়ে, যাতে এক উন্নত বিলিং চিষ্টেম গঢ়ি তুলি কোম্পানীৰ লোকচান হ্ৰাস কৰিব পৰা যায় ।
ইফালে, কোম্পানীকেইটাক লাভজনক কোম্পানীৰূপে গঢ়ি তোলাৰ বাবে গুজৰাটৰ দৰে প্ৰযুক্তিগত আৰ্হি গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । কোম্পানীকেইটাৰ মাইক্ৰ’লেভেল পৰ্যায়ত পৰ্যালোচনা কৰি লোকচানৰ কাৰণসমূহ চিনাক্তকৰণ আৰু তাক পৰ্যালোচনাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে কোম্পানীৰ ‘প্ৰফিট মেকিং চেণ্টাৰ’সমূহত 500 টা ডিষ্ট্ৰিবিউশ্যন ট্ৰেন্সফৰ্মাৰ তাৎক্ষণিকভাৱে স্থাপনৰো নিৰ্দেশ প্ৰদান কৰে । এই ক্ষেত্ৰত চৰকাৰী বিভাগসমূহৰ অনাদায় বিলসমূহ পুৰণৰ বাবে বাজেট ব্যৱস্থাপনা কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
লগতে পঢ়ক: এবছৰে সম্পূৰ্ণ নহ’ল ৰঙিয়া-বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ কাম