ETV Bharat / state

আগন্তুক বাৰিষাক লৈ মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : May 19, 2021, 9:19 PM IST

আগন্তুক বাৰিষা কালত সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক প্ৰদান কৰে বান নিয়ন্ত্ৰণ সম্বন্ধীয় কেতবোৰ নিৰ্দেশনা ৷

cm-review-meeting-on-flood
আগন্তুক বাৰিষাক লৈ মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

গুৱাহাটী, ১৯ মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে জনতা ভৱনত আয়োজন কৰা এক বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি আগন্তুক বাৰিষা কালৰ বাবে বিভাগে লোৱা প্ৰস্তুতিৰ বিতং বুজ লয় । মুখ্যমন্ত্ৰীয়ে বান নিয়ন্ত্ৰণ সম্বন্ধীয় কেতবোৰ নিৰ্দেশনা প্ৰদান কৰে ।

বানপীড়িত লোকসকলক তৎকালীনভাৱে সকলোধৰণৰ সাহাৰ্য সামগ্ৰী প্ৰদান কৰাৰ বাবে উপায়ুক্তসকলৰ পৰ্যাপ্ত সু-ব্যৱস্থা থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে । আনহাতে, আশ্ৰয় শিবিৰৰ আবাসীসকলকে ধৰি সকলো ক্ষতিগ্ৰস্ত লোককে হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰাকৈ আশ্ৰয় শিবিৰৰ সংজ্ঞা বহলোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে ।

বানপানীৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু ক্ষতিপূৰণ সম্বন্ধীয় সকলো কাম চক্ৰ বিষয়াক নডেল বিষয়া হিচাপে লৈ ছিংগল উইণ্ডো ব্যৱস্থাৰ জৰিয়তে কৰাৰ নিৰ্দেশ দিয়ে । আনহাতে, দুটাতকৈ অধিক বিত্তীয় বৰ্ষ অতিক্ৰম কৰা এছ ডি আৰ এফৰ অধীনৰ সকলো জৰুৰী প্ৰকল্পৰ কাম বন্ধ কৰি আবণ্টিত ঠিকাসমূহ বাতিল কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

এতিয়াৰ পৰা প্ৰতি বছৰৰ ৩১ মাৰ্চৰ ভিতৰতে এনে প্ৰকল্পবোৰৰ কাম সম্পূৰ্ণ কৰাৰ বাবে স্থায়ী নিৰ্দেশনা জাৰি কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই । বৈঠকত বিভাগীয় মন্ত্ৰী যোগেন মহন, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাকে ধৰি বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক : কলিয়াবৰত ধোঁৱাচাঙত প্ৰশাসনৰ নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.