ETV Bharat / state

আনন্দ মিশ্ৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Feb 10, 2022, 3:42 PM IST

আনন্দ মিশ্ৰৰ বদলি সম্পৰ্কে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM reaction on Anand Mishra transfer)। সংবাদমেল পাতি তদন্ত সমিতিৰ প্ৰতিবেদনটোক হেয় কৰিব খুজিলে ভাল নালাগে । আৰক্ষী নিৰীহ লোকৰ লগত থাকিব লাগে, অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে । অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ যদি আমি সাধাৰণ নাগৰিকৰ বিৰুদ্ধেও কঠোৰ হও তেন্তে আমাৰ গোটেই উদ্দেশ্যটোৱে বিফল হ'ব ।

CM reaction on Anand Mishra transfer
আনন্দ মিশ্ৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী,১০ ফেব্ৰুৱাৰী : 'সংবাদমেল পাতি তদন্ত সমিতিৰ প্ৰতিবেদনক হেয় প্ৰতিপন্ন কৰিব বিচাৰিলে ভাল নালাগে ।' নগাঁৱৰ পৰা সদ্য বদলি কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM reaction on Anand Mishra transfer)। নগাঁও এনকাউণ্টাৰৰ ঘটনাৰ পিছৰে পৰা চৰ্চাত থকা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বুধবাৰে নিশা তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বিষয়টো সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কীৰ্তি কমল বৰাৰ ঘটনাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই, সেই ফালৰ পৰা তেওঁৰ বিপক্ষে তদন্ত সমিতিয়ে কোনো তথ্য প্ৰদান কৰা নাই । কিন্তু সংবাদমেল পাতি তদন্ত সমিতিৰ প্ৰতিবেদনটোক হেয় কৰিব খুজিলে ভাল নালাগে । মুখ্যমন্ত্রীয়ে কয় যে আৰক্ষী নিৰীহ লোকৰ লগত থাকিব লাগে, অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে ।

অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ যদি আমি সাধাৰণ নাগৰিকৰ বিৰুদ্ধেও কঠোৰ হঁও তেন্তে আমাৰ গোটেই উদ্দেশ্যটোৱে বিফল হ'ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয় । অসম আৰক্ষীক বিশেষ আহ্বান জনাই মুখ্যমন্ত্রীয়ে পুনৰ কয় যে সাধাৰণ লোকে কষ্ট পালে তেওঁৰ গোটেই কষ্টৰে অৰ্থ নাইকীয়া হ'ব । অসম আৰক্ষীলৈ অনুৰোধ যাতে নিৰীহ লোকক একেবাৰেই একো নকৰে ।

উল্লেখ্য যে নগাঁও জিলাৰ কচলুখোৱা তিনিআলিত ২২ জানুৱাৰীত হোৱা আৰক্ষীৰ গুলীচালনা ঘটনাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন ৮ জানুৱাৰীত ৰাজ্য চৰকাৰে গ্ৰহণ কৰে । প্ৰতিবেদনত এনকাউণ্টাৰটোক ভুৱা আখ্যা দিয়াৰ লগতে আনন্দ মিশ্ৰৰ এণ্টি নাৰ্কটিক্স স্কোৱাড ভংগ কৰি স্কোৱাডৰ সকলো সদস্যকে আন জিলালৈ বদলিৰ নিৰ্দেশ দিছিল । আনহাতে ঘটনা সন্দৰ্ভত উপ-পৰিদৰ্শক প্ৰদীপ বনিয়াক নিলম্বন কৰা হৈছিল ।

অৱশ্যে প্ৰতিবেদনত আনন্দ মিশ্ৰৰ কোনো কথা উল্লেখ নথকাৰ পাছতো বুধবাৰে জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেল পাতি অতিৰিক্ত মুখ্য সচিবৰ প্ৰতিবেদনৰ বিপৰীত স্থিতি গ্ৰহণ কৰি কীৰ্তি কমল বৰাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল । তাৰ পাছতেই তেওঁক নগাঁৱৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছিল ।

লগতে পঢ়ক :আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.